অসম

assam

ETV Bharat / international

Severe draught in East Africa : খৰাং পৰিস্থিতিৰ বাবে কেনিয়াত শ শ বন্য জন্তুৰ মৃত্যু - zebra death in Kenya

পূৱ আফ্ৰিকাৰ কেনিয়াকে ধৰি কেইবাটাও অঞ্চলত ভয়ংকৰ পৰিস্থিতি । খৰাং বতৰৰ বাবে শ শ বন্য জীৱ-জন্তুৰ মৃত্যু (Hundreds of animals die in Kenya)। বিলুপ্তপ্ৰায় যোৱা ৯ টা মাহত ৪৯ টাকৈ গ্ৰেভিছ জেব্ৰাৰ মৃত্যু ।

Severe draught in East Africa
খৰাং পৰিস্থিতিৰ বাবে কেনিয়াত শ শ বন্য জন্তুৰ মৃত্যু

By

Published : Nov 5, 2022, 1:06 PM IST

Updated : Nov 5, 2022, 1:16 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৫ নৱেম্বৰ :প্ৰকৃতিৰ ৰোষত পৰিছে পূৱ আফ্ৰিকা । খৰাং বতৰৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কেনিয়াকে ধৰি আফ্ৰিকাৰ বিভিন্ন অঞ্চলত (Severe draught in East Africa)। এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে জীৱ-জন্তুৱে । গছ-গছনি তথা বনাঞ্চলসমূহ শুকান-মৰুময় হৈ পৰিছে ।

আটাইতকৈ দুখৰ কথাটো হ'ল যে কেনিয়াৰ বন্যপ্ৰাণী সংৰক্ষিত এলেকাত এতিয়ালৈ লুপ্তপ্ৰায় গ্ৰেভিছ জেব্ৰাকে (Grevy’s zebras) ধৰি শ শ জন্তু মৃত্যুমুখত পৰিছে (Hundreds of animals die due to drought conditions)। এই পৰিস্থিতি দশকটোৰ ভিতৰতে অতি ভয়ংকৰ ৰূপে দেখা দিছে ।

কেনিয়া বন্যপ্ৰাণী সেৱা আৰু অন্যান্য সংস্থাসমূহে জীৱ-জন্তুৰ মৃত্যু সন্দৰ্ভত এক জৰীপ চলাইছিল । এই জৰীপৰ ফলাফলে সমগ্ৰ বিশ্বতে উদ্বেগৰ সৃষ্টি কৰিছে । জৰীপৰ তথ্য অনুসৰি খৰাং বতৰৰ বাবে যোৱা ৯ মাহত অঞ্চলটোত ২০৫ টা হাতী, ৫১২ টা ৱাইল্ডবিষ্ট, ৩৮১ টা জেব্ৰা, ৫১ টা ম'হ, ৪৯ টা গ্ৰেভিছ প্ৰজাতিৰ জেব্ৰা আৰু ১২ টা জিৰাফৰ মৃত্যু হৈছে (Animals death in Kenya due to draught conditions)।

কেনিয়াৰ কিছু অংশত যোৱা দুবছৰত একেৰাহে চাৰিটা ঋতুত অপৰ্যাপ্ত বৰষুণ হোৱা দেখা গৈছে । যাৰ ফলত পশুধনকে ধৰি মানুহ আৰু জন্তুৰ বাবে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে । প্ৰতিবেদন অনুসৰি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত আছে কেনিয়াৰ কিছু অঞ্চল । যাৰ ভিতৰত আছে ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল আদি । আম্বোচেলি, চাভো আৰু লাইকিপিয়া চাম্বুৰু অঞ্চল তাৰ ভিতৰত অন্যতম বুলি জানিব পৰা গৈছে ।

খৰাং বতৰৰ বন্য জন্তুৰ ওপৰত প্ৰভাৱ কেনেকুৱা তাক পৰ্যালোচনা কৰিবলৈ আম্বোচেলিত বন্যপ্ৰাণীৰ জৰুৰী আকাশী লোকপিয়লৰ আহ্বান জনোৱা হৈছিল । ইফালে এই পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে বিশ্ববাসী । বিভিন্ন বিশেষজ্ঞসকলে প্ৰভাৱিত অঞ্চলবোৰত পানী আৰু নিমখৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে ।

এলিফেণ্ট নেবাৰচ চেণ্টাৰৰ কাৰ্যবাহী সঞ্চালক জিম জাষ্টছ নিয়ামুৱে জনোৱা মতে একোটা হাতীক প্ৰতিদিনে ২৪০ লিটাৰ পানীৰ প্ৰয়োজন । কিন্তু সেই পৰিমাণৰ পানী পোৱা নাই যাৰ বাবে হাতীৰ মৃত্যুৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈছে । আনহাতে বিলুপ্তপ্ৰায় গ্ৰেভিছ জেব্ৰাও এতিয়া সংকটত পৰিছে । যাৰ বাবে বিশেষজ্ঞসকলে গ্ৰেভিছ জেব্ৰাৰ বাবে অতিশীঘ্ৰে খেৰৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক :Firing at Imran Khan Rally : আততায়ীৰ গুলীত আহত প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান

Last Updated : Nov 5, 2022, 1:16 PM IST

ABOUT THE AUTHOR

...view details