আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 18 অক্টোবৰ :যুদ্ধবিধ্বস্ত গাজা ষ্ট্ৰিপত অবৰ্ণনীয় পৰিস্থিতি ৷ ইজৰাইলৰ বিমান ষ্ট্ৰাইক অব্যাহত থকাৰ মাজতে মঙলবাৰে গাজাৰ আল-আহলি বাপ্টিষ্ট চিকিৎসালয়ত আকাশমাৰ্গেৰে আক্ৰমণ ৷ এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত শ শ লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰই কোৱা অনুসৰি, মঙলবাৰে ইজৰাইলে আকাশমাৰ্গেৰে কৰা আক্ৰমণত পেলেষ্টাইনৰ ছিটমহলৰ এখন চিকিৎসালয়ত শ শ লোকৰ মৃত্যু হয় ৷ কিন্তু ইজৰাইলে এই অভিযোগ নস্যাৎ কৰি পেলেষ্টাইন বেৰেজে বিস্ফোৰণ সংঘটিত কৰিছে বুলি ওলোটাই মন্তব্য কৰে ৷
লক্ষণীয় যে, ছিটমহলৰ চিকিৎসালয়খনত ক্ৰমে ৰোগীৰ বাবে খাদ্য, ইন্ধন আৰু বিদ্যুৎ শেষ হোৱাক লৈ যথেষ্ট উদ্বেগৰ সৃষ্টি হৈছিল ৷ জানিব পৰামতে, এই আক্ৰমণত বহুতো লোক এতিয়াও ধ্বংসস্তুপৰ তলতেই আৱদ্ধ হৈ আছে ৷ এই ঘটনাৰ পিচতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে চিকিৎসালয়ৰ আক্ৰমণত জড়িত থকাৰ কথা "স্পষ্টভাৱে" অস্বীকাৰ কৰিছে, ইয়াৰ পৰিৱৰ্তে গাজাৰ প্ৰতিদ্বন্দী ইছলামবাদী উগ্ৰপন্থী গোট পেলেষ্টাইনী ইছলামিক জিহাদ গোটক দোষাৰোপ কৰিছে ৷
লেফটেনেণ্ট কৰ্ণেল জনাথন কনৰিকাছে এই সন্দৰ্ভত কয়, "আমি সেই আক্ৰমণ সংঘটিত কৰা নাই ৷ আমাৰ সন্দেহ অনুসৰি, এয়া কোনো ইছলামিক জিহাদ গ্ৰুপৰ বিফল ৰকেট উৎক্ষেপণ আছিল ৷ আমি স্পষ্টভাৱে কৈছো যে, আমি ইচ্ছাকৃতভাৱে কোনো সংবেদনশীল অঞ্চলত আক্ৰমণ নকৰো ৷ চিকিৎসালয়ত নিশ্চয়কৈ আক্ৰমণ নকৰোঁ ৷"