ইণ্টাৰনেশ্যনেল ডেস্ক,৫ জানুৱাৰী :আমেৰিকা আৰু মিত্ৰশক্তিৰ সকীয়নিৰ কেইবাঘণ্টা পাছতে পুনৰ হুথি বিদ্ৰোহী গোটৰ আক্ৰমণ । সশস্ত্ৰ মানৱবিহীন জাহাজৰ জৰিয়তে হুথিয়ে আক্ৰমণ কৰে। আমেৰিকাৰ নৌসেনা আৰু বাণিজ্যিক জাহাজৰ মাত্ৰ কিছু দূৰৈত জাহাজখন বিস্ফোৰিত কৰা হয়। মধ্য প্ৰাচ্যত আমেৰিকাৰ নৌসেনাৰ অভিযানৰ মুৰব্বী ভাইচ এডমিৰেল ব্ৰেড কুপাৰে কয় যে ইজৰাইল-হামাছ যুদ্ধ আৰম্ভ হোৱাৰ পিচত লোহিত সাগৰত হুথিসকলে বাণিজ্যিক জাহাজৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে আৰু হুথিসকলে প্ৰথমবাৰৰ বাবে মানৱবিহীন জাহাজ বা ইউএছভি ব্যৱহাৰ কৰিছে। অৱশ্যে বিদ্ৰোহী সংগঠনটোৱে যোৱা বছৰবোৰত সেইবোৰ ব্যৱহাৰ কৰিছিল।
ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট ফৰ ষ্ট্ৰেটেজিক ষ্টাডিজৰ মিছাইল বিশেষজ্ঞ আৰু গৱেষণা ফেলো ফেবিয়ান হিঞ্জে কয় যে ইউএছভিবোৰ হুথি সামুদ্ৰিক অস্ত্ৰাগাৰৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু য়েমেনৰ যুদ্ধত হস্তক্ষেপ কৰা চৌদি মিত্ৰজোঁট বাহিনীৰ বিৰুদ্ধে পূৰ্বৰ যুদ্ধৰ সময়ত এইবোৰ ব্যৱহাৰ কৰা হৈছিল । সেইবোৰত নিয়মীয়াকৈ আত্মঘাতী ড্ৰোণ নাও হিচাপে ব্যৱহাৰ কৰা হৈছে ।
হিঞ্জে কয় যে হুথিসকলৰ বেছিভাগ ইউএছভি য়েমেনত একত্ৰিত হোৱাৰ সম্ভাৱনা আছে কিন্তু প্ৰায়ে ইৰাণত তৈয়াৰ কৰা উপাদান, যেনে কম্পিউটাৰাইজড গাইডেন্স চিষ্টেম লগোৱা হয় ।