ইন্টাৰনেশ্যনেল ডেস্ক, 16 জানুৱাৰী :লোহিত সাগৰত বৃদ্ধি পাইছে হৈছে যুদ্ধ সদৃশ্য পৰিৱেশ ৷আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ডে সামাজিক মাধ্যমত কয় যে, আমেৰিকাৰ ঈগল বাল্কৰ মালিকানাধীন আৰু পৰিচালিত এম ভি জিব্ৰাল্টাৰ ঈগল নামৰ মালবাহী জাহাজত ইৰাণ হুথি বিদ্ৰোহী গোটে আক্ৰমণ চলাই ৷ আমেৰিকাৰ সেনাৰ তৰফৰপৰা জনৱো অনুসৰি, "15 জানুৱাৰীত ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে য়েমেনৰ হুথি নিয়ন্ত্ৰিত অঞ্চলৰ পৰা বেলিষ্টিক মিছাইলেৰে এম ভি জিব্ৰাল্টাৰ ঈগলত আঘাত কৰে ৷
উল্লেখ্য যে, কিছু দিনৰ পূৰ্বে আমেৰিকা আৰু ব্ৰিইটেনৰ ৰয়েল বাহিনীয়ে হুথি বিদ্ৰোহীৰ ঘাটিত আক্ৰমণ কৰিছিল ৷ তাৰ পাছতে আমেৰিকাৰ বিৰুদ্ধে অধিক আক্ৰমণ কৰা হ’ব বুলি হুংকাৰ দিছিল হুথি বিদ্ৰোহীয়ে ৷ এই ঘোষণাৰ 24 ঘন্টাৰ নৌ-হওতে হুথি বিদ্ৰোহীয়ে আমেৰিকাৰ এখন মালবাহী জাহাজক লক্ষ্য কৰি বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলাই ৷
ইফালে হুথিসকলক সতৰ্ক কৰি দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ যদি হুথিসকলে আক্ৰমণ অব্যাহত ৰাখে তেন্তে অধিক প্ৰত্যাহক্ৰমণ কৰা হ’ব ৷ চি এন এনৰ প্ৰতিবেদন অনুসৰি, " হুথিৰ আক্ৰমণত আমেৰিকা মালবাহী জাহাজ এম ভি জিব্ৰাল্টাৰ ঈগলৰ বিস্তৰ ক্ষতি হোৱা নাই ৷