ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ জানুৱাৰী :লোহিত সাগৰত জাহাজৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে য়েমেনৰ হুথি বিদ্ৰোহীৰ ওপৰত আমেৰিকাৰ নেতৃত্বত শুকুৰবাৰে চলা বিমান আক্ৰমণে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে । আনহাতে, গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধৰ ফলত ইতিমধ্যে সমগ্ৰ মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা উত্তেজনা এতিয়া আৰু বৃদ্ধি পাইছে ।
ইফালে এই আক্ৰমণত কমেও পাঁচজন লোক নিহত হোৱাৰ লগতে আন ছয়জন আহত হোৱা বুলি হুথিৰ সূত্ৰত প্ৰকাশ ।
লক্ষণীয়ভাৱে ইৰাণ সমৰ্থিত বিদ্ৰোহীৰ হাতত থকা একাধিক স্থানৰ ওপৰত শুকুৰবাৰে কাহিলিপুৱাতে চলা আক্ৰমণৰ ফলত সংঘটিত বিস্ফোৰণৰ পিছত চৌদি আৰবে ইয়াৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে । কিয়নো ইৰাণৰ সৈতে চৌদি আৰবে নিৰাপদ দূৰত্বত অৱস্থান কৰিব বিচাৰে য়েমেন যুদ্ধত যুদ্ধবিৰতি বিচাৰিছে ।
এই আক্ৰমণে হামাছৰ বিৰুদ্ধে চলি থকা ইজৰাইলৰ যুদ্ধক ইন্ধন যোগাইছে আৰু এক আঞ্চলিক সংঘৰ্ষ সৃষ্টিৰ ভাবুকি প্ৰদান কৰিছে, যিটো বাইডেন প্ৰশাসন আৰু ইয়াৰ মিত্ৰশক্তিয়ে কেইবা সপ্তাহ ধৰি শান্ত কৰিবলৈ চেষ্টা কৰি আহিছে ।
ইফালে, আমেৰিকান নৌসেনাই কেইদিনমান পূৰ্বে ভাৰত মহাসাগৰৰ দূৰৱৰ্তী অঞ্চলত এখন জাহাজত হোৱা আক্ৰমণৰ কথা স্বীকাৰ কৰিছে । ইয়াৰ দ্বাৰা ইজৰাইল-হামাছ সংঘৰ্ষৰ ওপৰত এক বিস্তৃত সামুদ্ৰিক অভিযানৰ অংশ হিচাপে জাহাজত আক্ৰমণ কৰিবলৈ ইৰাণে ইচ্ছা প্ৰকাশৰ এক সংকেত হিচাপে ধৰা হৈছে ।