ইন্টাৰনেশ্যনেল ডেস্ক, 9 জানুৱাৰী :দেওবাৰে আমেৰিকাৰ হিউষ্টনত এক বৃহৎ কাৰ ৰেলী বাহিৰ কৰে হিন্দু আমেৰিকান সম্প্ৰদায়ে ৷ উক্ত ৰেলীতে ভজন আৰু জয় শ্ৰীৰাম ধ্বনি দিয়া শুনিবলৈ পোৱা গৈছিল ৷ ইফালে পথৰৰ দাঁতিত থকা 11 টা মন্দিৰতো অৱস্থান কৰিছিল কাৰ ৰেলীৰ দলে ৷ উল্লেখ্য যে, 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হিছিল আমেৰিকাৰ বিশ্ব হিন্দু পৰিষদ চমুকৈ ভি এইচ পি এক ৷ নিমন্ত্ৰণ ৰক্ষা কৰি ভি এইচ পি এৰ নেতৃত্ব উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷
ৰাম মন্দিৰ, ভাৰতীয় পতাকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকাৰ ছবি থকা গেৰুৱা বেনাৰ লৈ 216 খন বাহনত 500 ৰো অধিক লোকে দেওবাৰে বাহিৰ কৰা কাৰ ৰেলীত অংশগ্ৰহণ কৰিছিল ৷ হিউষ্টন চহৰৰ সমাজসেৱক যুগল মালানীয়ে শ্ৰী মীনাক্ষী মন্দিৰত ফ্লেগ অফ কৰিছিল আৰু ৰিচমণ্ডৰ শ্ৰী শৰদ অম্বা মন্দিৰত দুপৰীয়া সমাপ্ত হৈছিল ৰেলীটো ৷