ইণ্টাৰনেশ্যনেল ডেস্ক,২২ অক্টোবৰ :'গাজা ষ্ট্ৰিপত স্থল আক্ৰমণ কৰিলে ইজৰাইলে ভয়ংকৰ পৰিণাম ভুগিব লাগিব ।' এই সকীয়নি লেবানিজ চিয়া ইছলামিক সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ এজন শীৰ্ষ বিষয়াৰ । উল্লেখ্য যে হিজবুল্লাহৰ নেতা শ্বেখ নাইম কাচেমৰ মতে ইজৰাইলে দক্ষিণ লেবাননত গুলীচালনা আৰু ড্ৰোণ আক্ৰমণ কৰে । যাৰ প্ৰতিশোধ স্বৰূপে হিজবুল্লাহই ইজৰাইলৰ ফালে ৰকেট আৰু মিছাইল নিক্ষেপ কৰিছে ।
লেবানন-ইজৰাইল সীমান্তক অধিক উত্তেজিত কৰি হিজবুল্লাহৰ নেতাজনে কয় যে তেওঁলোকে ইজৰাইলী শত্ৰুক দুৰ্বল কৰিবলৈ চেষ্টা কৰি আছে আৰু ইজৰাইলক সকীয়াই দিব বিচাৰিছে যে তেওঁলোক সাজু আছে । ইফালে হামাছৰ বিষয়াসকলেও দাবী কৰিছে যে যদি ইজৰাইলে গাজাত স্থল আক্ৰমণ কৰে তেনেহ'লে এই যুদ্ধত হিজবুল্লাহে যোগদান কৰিব ।
উল্লেখ্য যে ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ লগে লগে লেবানন-ইজৰাইল সীমান্তত গুলীবৰ্ষণ বৃদ্ধি পাইছে । ইৰাণ সমৰ্থিত হিজবুল্লাহৰ ওচৰত হাজাৰ হাজাৰ ৰকেট আৰু মিছাইলৰ লগতে বিভিন্ন প্ৰকাৰৰ ড্ৰোণৰে গঠিত অস্ত্ৰভাণ্ডাৰ আছে । যাৰ বাবে উত্তৰ ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণৰো আশংকা কৰা হৈছে ।