ইন্টাৰনেশ্যনেল ডেস্ক, ১৬ জুলাই: প্ৰচণ্ড গৰমত দহিছে ৰাজ্যবাসী । তাৰমাজতে পোহৰলৈ এক ভয়ংকৰ খবৰ । উৎকট গৰমত প্ৰাণ হেৰুৱালে ৮৪ গৰাকী লোকে । স্পেইনত সংঘটিত এই ঘটনা । দেশখনত প্ৰতিদিনে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ(Heat wave increases every day in Spain) । দেশখনত ৪০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছে গ্ৰীষ্ম প্ৰৱাহে ।
১০ ৰ পৰা ১২ জুলাইৰ ভিতৰত যথেষ্ট বৃদ্ধি পাইছিল গ্ৰীষ্মপ্ৰৱাহ আৰু সেই সময়ৰ পৰা বৰ্তমানলৈ মৃত্যু ৮৪ গৰাকী লোকৰ । এই তথ্য প্ৰকাশ কৰিছে Carlos III নামৰ স্বাস্থ্য প্ৰতিষ্ঠানটোৱে । আনকি পৰৱৰ্তী সময়ত দেশখনৰ দক্ষিণ আৰু দক্ষিণ-পশ্চিমত তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলচিয়াছৰ ওপৰলৈ বৃদ্ধি পাইছে (Temperatures even rose above 45 degrees Celsius) ।