অসম

assam

ETV Bharat / international

উইকিনছন ভ্ৰমণৰ সময়ত ব্লেকৰ পৰিয়ালক সাক্ষাৎ কমলা হাৰিছৰ - আই বি ডব্লিউ ইনিয়ন

জেকব ব্লেকৰ পিতৃ আৰু তেওঁৰ দুগৰাকী ভগ্নী, আইনী দলৰ সদস্যৰ সৈতে মিলওয়াকিৰ এটা বেচৰকাৰী বিমান বন্দৰত মিলিত হয় । সেই সময়ত জেকবৰ মাতৃ আৰু এটৰ্নী বেন ক্ৰাম্পে ফোনযোগে কথা বাৰ্তাত ভাগ লয়, অৱশ্যে ব্লেকে সেইসময়ত কথা বাৰ্তাত অংশ লোৱা নাছিল ।

উইকিনছন ভ্ৰমণৰ সময়ত ব্লেকৰ পৰিয়ালক সাক্ষাত হাৰিছৰ
উইকিনছন ভ্ৰমণৰ সময়ত ব্লেকৰ পৰিয়ালক সাক্ষাত হাৰিছৰ

By

Published : Sep 8, 2020, 6:57 PM IST

মিলৱাকি, ৮ চেপ্তেম্বৰঃ আগন্তুক আমেৰিকাৰ নিৰ্বাচনত গণতান্ত্ৰিক দলৰ উপ ৰাষ্ট্ৰপতি মনোনীত প্ৰাৰ্থী কমলা হাৰিছে সোমবাৰে সমালোচনাৰ সন্মুখীন হয় আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱা চুইং ৰাজ্যৰ উইকিনছনৰ পৰিয়ালক সাক্ষাৎ কৰাৰ বাবে । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চূড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ সময়তে কিছুদিন পূৰ্বে উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মাইক পেন্সেও ভ্ৰমণ কৰিছিল ৰাজ্যখনত ।

যোৱা সপ্তাহত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেনেও কেনশা ভ্ৰমণ কৰিছিল, যত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ব্লেক নামৰ লোকজনে ।

উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হাৰিছে মিলৱাকিত শ্ৰম দিৱসৰ এখন প্ৰচাৰ সভাত আই বি ডব্লিউ ইনিয়নৰৰ কৰ্মী সকল আৰু কৃষ্ণাংগ ব্যৱসায়ী সকলৰ সৈতে সাক্ষাৎ কৰাৰ কথা আছিল, লগতে পেন্স লা ক্ৰছৰ এটা বিদ্যুৎ কেন্দ্ৰও পৰিদৰ্শন কৰিব ।

বিডেনে ইউনিয়নৰ সভাপতি ৰিচাৰ্ড ট্ৰুমকাৰ সৈতে লগ হৈ ইতিমধ্যে এ এফ এল- চি আই অৰ টাউন হলৰ বাবে পেনছিলভেনিয়া, হাৰিছবাৰ্গ আদিত শ্ৰমিকসলক সংগঠিত কৰি তেওঁলোকৰ সমৰ্থন আদায় কৰিছে । ইয়াৰ বিপৰীতে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউছৰ পৰা এখন সংবাদ মেলৰ পৰিকল্পনা কৰিছিল ৷

ব্লেকৰ পৰিয়ালৰ সৈতে পুৱা কমলা হৰিছৰ বৈঠক তাৰপিচত কৃষ্ণাংগ লোকসকলৰ সৈতে আৰক্ষীৰ গুলীচালনাৰ প্ৰসংগ, এই ঘটনাক লৈ বিক্ষোভ, প্ৰতিবাদ আদিৰ সৈতে নিৰ্বাচনী প্ৰচাৰ কৌশল ব্যবহাৰ কৰিছে । যিটো অতি ভিন্ন দৃষ্টি ভংগীৰে গ্ৰহণ কৰিছে । হিংসাজনক পৰিস্থিতিৰ সৃষ্টি হৈ থকা সময়তে কমলা হৰিছ আৰু বিডেনে ব্লেক পৰিয়ালৰ সৈতে দেখা হৈছিল, কিন্তু এই পৰ্যন্ত ট্ৰাম্পে ব্লেকৰ পৰিয়ালক দেখা কৰিবলৈ যোৱা নাই বা ক্ষয়ক্ষতিৰো বুজ লোৱা নাই ।

২০১৬ চনত উইককিনছনৰ ভোটে ট্ৰাম্পক হোৱাইট হাউছলৈ যোৱাত পথ মুকলি কৰি দিছিল । ধাৰাবাহিক ভাৱে চাৰি সপ্তাহ ধৰি ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীসকলে উইকিনছনত নিৰ্বাচনী প্ৰচাৰ চলিছিল । বিডেনে বিশ্বাস কৰে যে, তেওঁ উইকিনছিন আৰু পেনছিলভেনিয়াৰ নিচিনা ৰাজ্যসমূূহৰ ভোট লাভ কৰাত সহায় হ'ব ।

আমেৰিকাৰ এছ'ছিয়েটেড প্ৰেছৰ সৈতে প্ৰথমবাৰৰ বাবে কৰা বিবৰণী অনুসৰি নিৰ্বাচনী প্ৰচাৰ তিনিটা অংশত ভাগ কৰি চলোৱা হ'ব । উত্তৰ আমেৰিকাৰ আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংগঠন, আন্তৰ্জাতিৰ এলিভেটৰ নিৰ্মাণকাৰী সংগঠন আৰু যুক্তৰাষ্ট্ৰীয় কৰ্মচাৰী সকলৰ বাবে পৃথকে-পৃথকে কৰা হ'ব নিৰ্বাচনী প্ৰচাৰ । সন্মিলিতি ভাৱে দেশজুৰি কেবাহাজাৰ ইউনিয়ন কৰ্মচাৰীৰ প্ৰতিনিধি সকলক একত্ৰিত কৰা হ'ব যাতে নিৰ্বাচনী প্ৰচাৰৰ বাবে সহায় হয় ।

ABOUT THE AUTHOR

...view details