অসম

assam

ETV Bharat / international

US in support of Israel: পেলেস্তাইনক দমন কৰিবলৈ ইজৰাইলৰ কাষত আমেৰিকা - Israel US RELATION

ইজৰাইলৰ পক্ষত থিয় দিছে আমেৰিকা ৷ যিকোনো যুদ্ধৰ মুখামুখি হ’ব পৰাকৈ আমেৰিকাৰ নৌসেনাৰ নতুন আৰু উন্নত বিমানবাহী জাহাজ USS Gerald R. Ford আৰু ইয়াৰ প্ৰায় 5000 নাৱিক আৰু যুদ্ধবিমানৰ ডেক দেশখনৰ বাবে সাজু বুলি জানিব পৰা গৈছে ৷ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দেওবাৰে টেলিফোন যোগে বাৰ্তালাপ কৰি সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে ৷

Eastern Mediterranean in support of Israel
পেলেস্তাইনক দমন কৰিবলৈ ইজৰাইলৰ কাষত যুদ্ধবাজ আমেৰিকা

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 12:18 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 9 অক্টোবৰ:ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ ফলত আন এক ভয়াৱহ যুদ্ধৰ সূচনা হৈছে বিশ্বত ৷ এই পৰিপ্ৰেক্ষিতত জন্মলগ্নৰে পৰা ইজৰাইলৰ পক্ষত অৱস্থান গ্ৰহণ কৰি অহা আমেৰিকাই এইবাৰো ইজৰাইলক সংগ দিয়াৰ কথা ঘোষণা কৰিছে ৷ ঘোষণা কৰিছে পেলেষ্টাইনক দমন কৰিবলৈ ইজৰাইলক প্ৰয়োজন হোৱা সকলো প্ৰকাৰৰ সামৰিক শক্তি যোগান ধৰাৰ ৷

যিকোনো যুদ্ধৰ মুখামুখি হ’ব পৰাকৈ আমেৰিকাৰ নৌসেনাৰ নতুন আৰু উন্নত বিমানবাহী জাহাজ USS Gerald R. Ford আৰু ইয়াৰ প্ৰায় 5000 নাৱিক আৰু যুদ্ধবিমানৰ ডেক সাজু বুলি জানিব পৰা গৈছে ৷ হামাছলৈ অতিৰিক্ত অস্ত্ৰ-শস্ত্ৰ পোৱাত বাধা দিয়া আৰু চোৰাংচোৱাগিৰি চলোৱাৰ ক্ষেত্ৰত এইবোৰক নিয়োজিত কৰা হ’ব ।

প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে দেওবাৰে কয় যে তেওঁ ফৰ্ড কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপক ইজৰাইলক সহায় কৰিবলৈ সাজু হ’বলৈ পূব ভূমধ্যসাগৰলৈ যাত্ৰা কৰিবলৈ নিৰ্দেশ দিছে, য’ত হামাছৰ আক্ৰমণত দুয়োপক্ষৰ 1000 ৰো অধিক লোকৰ মৃত্যু ঘটিছে । নিহত আৰু নিৰুদ্দেশ হোৱাসকলৰ ভিতৰত আমেৰিকাৰ নাগৰিকো আছে বুলি জানিব পৰা গৈছে ।

ইজৰাইল চৰকাৰে দেওবাৰে আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰি হামাছৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বাবে উল্লেখযোগ্য সামৰিক পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সংকেত দিয়ে । প্ৰাথমিক প্ৰতিবেদন অনুসৰি এই আক্ৰমণত কমেও চাৰিজন আমেৰিকাৰ নাগৰিক নিহত হৈছে আৰু অতিৰিক্ত সাতজন নিৰুদ্দেশ আমেৰিকাৰ এজন বিষয়াই জনায় ।

জেৰুজালেমত থকা আমেৰিকাৰ দূতাবাসে লাভ কৰা তথ্য প্ৰকাশ কৰি বিষয়াগৰাকীয়ে কয় যে এই সংখ্যাৰ পৰিৱৰ্তন ঘটাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । মৃত বা নিৰুদ্দেশ হোৱা সকলো যদিও আমেৰিকাৰ নহয় যদিও তেওঁলোকৰ অধিকাংশই দ্বৈত আমেৰিকা-ইজৰাইলৰ নাগৰিক বুলি বিষয়াগৰাকীয়ে জনায় ।

ফৰ্ডৰ লগতে আমেৰিকাই cruiser USS Normandy আৰু destroyers USS Thomas Hudner, USS Ramage, USS Carney, আৰু USS Roosevelt প্ৰেৰণ কৰিছে ৷ অঞ্চলটোত আমেৰিকাই বায়ুসেনাৰ Air Force F-35, F-15, F-16সম্বলিত 10 খন যুঁজাৰু বিমানৰ স্ক্ৱাড্ৰন সাজু ৰাখিছে । অষ্টিনে এক বিবৃতিত কয় যে প্ৰয়োজন হ’লে এই প্ৰতিৰোধ ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰিবলৈ আমেৰিকাই বিশ্বজুৰি প্ৰস্তুতি সাজু কৰি ৰাখিছে ।

ইয়াৰ উপৰিও বাইডেন প্ৰশাসনে ইজৰাইল প্ৰতিৰক্ষা বাহিনীক অস্ত্ৰ-শস্ত্ৰকে ধৰি অতিৰিক্ত সঁজুলি আৰু সম্পদ দ্ৰুতগতিত প্ৰদান কৰিব । এতিয়াৰে পৰাই প্ৰথম নিৰাপত্তা সাহায্যৰ গতি আৰম্ভ হ’ব বুলি অষ্টিনে জনায় । লগতে ৰাষ্ট্ৰপতি জো বাইডেন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দেওবাৰে টেলিফোনযোগে হামাছ বিদ্ৰোহী গোটে ইজৰাইলী নাগৰিকসকলক পণবন্দী কৰা বিষয়ে আলোচনা কৰে বুলি বিবৃতিযোগে জনায় । এনে নৃশংস অত্যাচাৰৰ সন্মুখত সকলো দেশ একত্ৰিত হৈ থিয় দিব লাগিব বুলি ৰাষ্ট্ৰপতি বাইডেনে সদৰী কৰিছে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে নেতান্যাহুক আমেৰিকাৰ কূটনৈতিক প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰি কয় যে ইজৰাইল বাহিনীক অতিৰিক্ত সহায় আগবঢ়াবলৈ প্ৰস্তুত আমেৰিকা ৷ আগন্তুক দিনত আৰু অধিক সহায় আগবঢ়াব বুলি হোৱাইট হাউছে জনায় ।

লগতে পঢ়ক:Israel crisis : হামাছৰ বিৰুদ্ধে প্ৰতিশোধৰ ভাবুকি ইজৰাইলৰ, গাজাত ভয়ংকৰ আক্ৰমণৰ আশংকা

ABOUT THE AUTHOR

...view details