ইণ্টাৰনেশ্যনেল ডেস্ক, 30 নৱেম্বৰ :প্ৰায় 6 সপ্তাহ ধৰি চলা ইজৰাইল আৰু হামাছৰ যুদ্ধ সাময়িকভাৱে বন্ধ হোৱাৰ পাচত যুদ্ধবিৰতিৰ চুক্তিৰ অধীনত দুয়োপক্ষই বন্দীসকলক মুকলি কৰি দিছে ৷ বুধবাৰে ইজৰাইল প্ৰতিৰক্ষা বাহিনী চমুকৈ আই ডি এফে জাৰি কৰা এক তথ্য অনুসৰি, মঙলবাৰে নিশাৰ ভাগত হামাছে 10 জন ইজৰাইলী আৰু চাৰিজন থাই নাগৰিকসহ 14 জনৰো অধিক কাৰাবন্দীক মুকলি কৰি দিছে ৷
দ্যা টাইমছ অব ইজৰাইলত প্ৰকাশ পোৱা বাতৰি অনুসৰি, ইজৰাইল-হামাছৰ যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে হামাছে বন্দী কৰা 14 জনক মুকলি কৰি দিছে ৷ মুকলি কৰি দিয়া 14 জনক গাজা পট্টী পৰা ৰাফা সীমান্তৰে ইজিপ্তলৈ প্ৰেৰণা কৰা হৈছে বুলি দ্যা টাইমছ অফ ইজৰাইলৰ বাতৰিত প্ৰকাশ পাইছে ৷
তদুপৰি দ্যা টাইমছ অব ইজৰাইলে প্ৰকাশ কৰা বাতৰি অনুসৰি, হামাছে মুকলি কৰা 10 জন ইজৰাইলী নাগৰিক হ’ল ৰাজ বেন এমি, য়াৰ্ডেন ৰোমান, লিয়াট আটজিলি, মৰাণ ষ্টেলা য়ানাই, লিয়াম অৰ, ইটাই ৰেগেভ, অফিৰ এংগেল, অমিত শনি, গালি তৰ্শানস্কি আৰু ৰায়া ৰোটেম বুলি জানিব পৰা গৈছে ৷