অসম

assam

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:18 AM IST

ETV Bharat / international

Hamas-Palestine Attack: ইজৰাইল-পেলেষ্টাইন যুদ্ধত মৃত্যু 22 আমেৰিকানৰ, 17 গৰাকী নিখোঁজ

ক্ৰমাৎ ধ্বংসস্তুপলৈ পৰিণত হৈছে গাজা ষ্ট্ৰিপ ৷ হোৱাইট হাউছৰ তথ্য অনুসৰি, ইজৰাইল-পেলেষ্টাইন যুদ্ধত মৃত্যু হৈছে 22 আমেৰিকানৰ লগতে 17 গৰাকী নিখোঁজ হৈ আছে ৷

Hamas-Palestine Attack
ইজৰাইল-পেলেষ্টাইন যুদ্ধত মৃত্যু 22 আমেৰিকানৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 12 অক্টোবৰ : ইজৰাইল আৰু হামাছৰ মাজত অব্যাহত থকা তুমুল যুদ্ধই বৃহস্পতিবাৰে 5 টা দিন অতিক্ৰম কৰিলে ৷ ইজৰাইলৰ যুদ্ধ বিমানে পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত এটাৰ পিচত আন এটা অঞ্চলৰ অট্টালিকাসমূহ ধ্বংসাৱশেষলৈ পৰিণত কৰিছে ৷ এই যুদ্ধত শ-শ লোকৰ মৃত্যু হোৱাৰ লগতে নিৰাপত্তা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে অসংখ্যজনে ৷

বুধবাৰে হোৱাইট হাউছে কয় যে, এই যুদ্ধত অতি কমেও 22 জন আমেৰিকান নিহত হৈছে আৰু প্ৰায় 17 জন লোক এতিয়াও নিখোঁজ হৈ আছে ৷ অনাগত দিনত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক ৷

ইয়াৰ সমান্তৰালকে, আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে কয় যে, পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট হামাছে বহু লোকক তেওঁলোকৰ জিম্মাত লৈছে ৷ ইয়াৰ ভিতৰতে আমেৰিকান লোকো আছে ৷ সম্প্ৰতি আমেৰিকাই এই বন্দী লোকসকলক মুক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ পূৰ্বে 17 জন আমেৰিকান লোকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছিল ৷

সংবাদ মাধ্যমৰ সৈতে কৰা বাৰ্তালাপত ছুলিভানে কয় যে, হামাছে ইজৰাইলক আক্ৰমণ কৰি ভাল কাম কৰা নাই৷ এই যুদ্ধই পুনৰ ইতিহাস সজীৱ কৰিছে ৷ আমেৰিকাই এই যুদ্ধ নিৰীক্ষণ কৰি আছে ৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে ফোনযোগে কথা পাতিছিল ৷ এই সংকটৰ সময়ত জো বাইডেনৰ সমৰ্থনৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ ইতিমধ্যে মঙলবাৰে নিশা আমেৰিকান অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত এখন বিমান দক্ষিণ ইজৰাইলৰ নেভাটিম এয়াৰবেচত উপস্থিত হৈছে ৷

তথ্য অনুসৰি, এতিয়ালৈকে ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধত 1200 ৰো অধিক লোকৰ মৃত্যু হৈছে ৷ ছুলিভানে কয়, "আমি ভুক্তভোগী সকলৰ পৰিয়ালৰ সৈতে আছো ৷ আমি তেওঁলোকক সকলো ধৰণে সহায় কৰিম ৷ এই সংকটৰ সময়ত আমাক আপোনালোকৰ সমৰ্থনৰ প্ৰয়োজন ৷ আমি সকলো সন্ধানহীন লোকৰ সন্ধান উলিয়াম, কেৱল ধৈৰ্য্য ধৰক ৷ আমেৰিকাই ইজৰাইলক সামৰিক সহায় আগবঢ়াইছে ৷"

আমেৰিকাৰ উপৰিও বিশ্বৰ সকলো দেশে ইজৰাইলৰ পক্ষে থিয় দিছে ৷ হামাছৰ সন্ত্ৰাসবাদীসকলক উৎখাত কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে ৷

লগতে পঢ়ক:Israeli-Palestinian war: তেওঁলোক দুঠেঙীয়া পশু; মুছলমান ৰাষ্ট্ৰ সহিতে সকলোৱে মাত মতা উচিত: ইজৰাইলৰ কনছুল জেনেৰেল

ABOUT THE AUTHOR

...view details