ইণ্টাৰনেশ্যনেল ডেস্ক,১০ অক্টোবৰ :পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছে শনিবাৰে দক্ষিণ ইজৰাইলত কেইবাটাও ৰকেট আক্ৰমণ কৰে । ফলস্বৰূপে প্ৰায় ৭০০ গৰাকী লোক নিহত হয় আৰু ২,০০০ ৰো অধিক লোক আহত হয় । আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে দাবী কৰা মতে হামাছ সন্ত্ৰাসবাদী সংগঠন আৰু ইহুদী ৰাষ্ট্ৰৰ মাজত চলি থকা যুদ্ধত প্ৰায় ১১ গৰাকী আমেৰিকান নিহত হৈছে ।
ৰাষ্ট্ৰপতি জ' বাইডেনে হোৱাইট হাউছৰ এক বিবৃতি উল্লেখ কৰি কয় যে ইজৰাইলৰ নাগৰিকত্ব থকা বহুতো আমেৰিকানো এই যুদ্ধত নিহত হৈছে । নিহত আমেৰিকানসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছে বুলি তেওঁ দাবী কৰে । বাইডেনৰ মতে দেশত হওঁক বা বিদেশত হওঁক আমেৰিকান নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা তেওঁৰ প্ৰধান কৰ্তব্য । ইফালে হামাছে বন্দী কৰা সকলৰ মাজত আমেৰিকান নাগৰিক থকাৰো সম্ভাৱনা ব্যক্ত কৰিছে বাইডেনে । তেওঁ আমেৰিকাৰ বিষয়াসকলক প্ৰতিটো ক্ষেত্ৰতে ইজৰাইলী কৰ্তৃপক্ষৰ সৈতে কাম কৰিবলৈ নিৰ্দেশ দিছে । একে সময়তে, বাইডেনে ইজৰাইলৰ বিৰুদ্ধে হামাছৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে ।
ৰাষ্ট্ৰপতি পদৰ সম্ভাব্য ৰিপাব্লিকান প্ৰাৰ্থী নিকি হেলি আৰু বিবেক ৰামস্বামীকে ধৰি অন্যান্য বিশিষ্ট ভাৰতীয়-আমেৰিকান নেতাসকলেও হামাছৰ এই আক্ৰমণৰ পাছত ইজৰাইলক সমৰ্থনৰ আশ্বাস দিছে । হেলীয়ে দেওবাৰে সংবাদ মাধ্যমৰ আগত কয় যে হামাছ আৰু তেওঁলোকক সমৰ্থন কৰা ইৰাণ চৰকাৰে ইজৰাইল আৰু আমেৰিকাক ধ্বংস কৰাৰ শ্ল'গান দিছে । আমেৰিকাই সেই কথা মনত ৰাখিব । তেওঁ উল্লেখ কৰা মতে আমেৰিকা সদায় ইজৰাইলৰ সৈতে আছে কাৰণ হামাছ, হিজবুল্লাহ আৰু ইৰাণ পন্থীসকলে আমেৰিকাক হিংসা কৰে ।