ইণ্টাৰনেশ্যনেল ডেস্ক,৯ অক্টোবৰ :ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে হামাছক গণহত্যাকাৰী ইছলামিক জেহাদী সন্ত্ৰাসবাদী সংগঠন আখ্যা ইজৰাইলৰ । হামাছৰ ভয়ংকৰ আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰাষ্ট্ৰসংঘত ইজৰাইলৰ স্থায়ী প্ৰতিনিধি গিলাদ এৰ্দানে কয় যে হামাছ ISIS, আল কায়দাতকৈ পৃথক নহয় । তেওঁৰ মতে হামাছে আলোচনা নিবিচাৰে । তেওঁলোকে কেৱল ইহুদী ৰাষ্ট্ৰৰ ধ্বংসহে বিচাৰে বুলি অভিযোগ কৰে ।
হামাছৰ উদ্দেশ্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে যেতিয়াই এগৰাকী মুছলমানে এগৰাকী ইহুদীৰ মুখামুখি হয়, তেওঁ তেওঁক হত্যা কৰিবই লাগিব । এইটো হ'ল হামাছৰ অন্যতম উদ্দেশ্য । মুছলমানসকলে ইহুদীসকলৰ সৈতে যুঁজ দি তেওঁলোকক হত্যা নকৰালৈকে বিচাৰৰ দিন আহিব নোৱাৰে বুলিও তেওঁ দাবী কৰে ।
গিলাদ এৰ্দানৰ মতে হামাছে তেওঁক হত্যা কৰিব বিচাৰে । হামাছে তেওঁলোকৰ সন্তান, লোকসকল আৰু জাতিক হত্যা কৰিব বিচাৰে । হামাছে তেওঁলোকৰ প্ৰত্যেকজনক হত্যা নকৰালৈকে ৰৈ নাথাকে বুলিও তেওঁ অভিযোগ কৰে । ৰাষ্ট্ৰসংঘত ইজৰাইলৰ প্ৰতিনিধিজনে এই আক্ৰমণক গৰিহণা দিয়াৰ লগতে ইজৰাইলৰ চোৰাংচোৱা বিভাগৰ বিফলতাৰ কথা উল্লেখ কৰে । তেওঁৰ মতে এয়া ৯/১১ আক্ৰমণৰ দৰেই আৰু দেশখনে লোকসকলক স্বদেশলৈ ঘূৰাই অনাৰ বাবে সকলো কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।