অসম

assam

ETV Bharat / international

US on Hamas: দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠন হামাছক পুলি পোখাই উভালি পেলোৱাৰ দাবী ইজৰাইলৰ বন্ধু ৰাষ্ট্ৰ আমেৰিকাৰ - দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠন হামাছক পুলি পোখাই উভালি

ইজৰাইলৰ ওপৰত পেলেষ্টাইনৰ মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠন হামাছে চলোৱা নৃশংস আক্ৰমণক গৰিহণা দিছে ৰিপাব্লিকান দলৰ দুগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী নিকি হেলী আৰু বিবেক ৰামস্বামীয়ে ৷ বন্ধু ৰাষ্ট্ৰ ইজৰাইলৰ ওপৰত হামাছে কৰা আক্ৰমণত ক্ৰোধিত হৈ পৰা আমেৰিকাই হামাছক পুলি পোখাই উভালি পেলাব পৰা পদক্ষেপ গ্ৰহণ কৰিবলৈ ইজৰাইলৰ প্ৰতি আহ্বান জনাইছে ৷

Etv BharatUS on Hamas
দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠন হামাছক পুলি পোখাই উভালি পেলোৱাৰ দাবী বন্ধু ৰাষ্ট্ৰ আমেৰিকাৰ

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 12:08 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 9 অক্টোবৰ:বিশ্ব শান্তি আৰু মানৱতাৰ হকে দিনে-নিশাই কাম কৰি অহা ইজৰাইলৰ ওপৰত সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পেলেষ্টাইনৰ মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠন হামাছে চলোৱা নৃশংস আক্ৰমণক বিশ্ব সম্প্ৰদায়ে গৰিহণা দিছে ৷ৰিপাব্লিকান দলৰ দুগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী নিকি হেলী আৰু বিবেক ৰামাস্বামীকে ধৰি বিশিষ্ট ভাৰতীয় আমেৰিকানসকলে হামাছ উগ্ৰপন্থী সংগঠনে ইজৰাইলৰ ওপৰত অভূতপূৰ্ব আক্ৰমণ চলোৱাৰ পিছত ইজৰাইলৰ কাষত থিয় দিছে ৷ উগ্ৰপন্থী সংগঠন হামাছৰ আক্ৰমণৰ ফলত শতাধিক ইজৰাইলী লোকৰ মৃত্যু হৈছে ।

শনিবাৰে ইজৰাইলৰ দক্ষিণ অংশত পেলেষ্টাইনী দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠন হামাছে ৰকেট আক্ৰমণ চলোৱাৰ ফলত সৈনিককে ধৰি 600 ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে 1900 ৰো অধিক লোক আহত হয় । ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে হামাছৰ মূল আন্তঃগাঁথনি লক্ষ্য কৰি একাধিক বিমান আক্ৰমণ চলায় । ইজৰাইল আৰু গাজাত দুয়োপক্ষৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ফলত প্ৰায় 1000 লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

বন্ধু ৰাষ্ট্ৰ ইজৰাইলৰ ওপৰত হামাছে কৰা আক্ৰমণত ক্ৰোধিত হৈ পৰা আমেৰিকাই হামাছক পুলি পোখাই উভালি পেলাব পৰা পদক্ষেপ গ্ৰহণ কৰিবলৈ ইজৰাইলৰ প্ৰতি আহ্বান জনাইছে, "আমি মনত ৰাখিব লাগিব যে ইজৰাইলৰ লগত যিটো ঘটিল সেয়া ইয়াত আমেৰিকাৰ সৈতেও হ'ব পাৰে আৰু মই আশা কৰিছো যে আমি সকলোৱে একত্ৰিত হ'ম আৰু ইজৰাইলৰ সৈতে থিয় দিম কাৰণ তেওঁলোকক বৰ্তমান আমাৰ সঁচাকৈয়ে প্ৰয়োজন ।"

ভাৰতীয় আমেৰিকান ৰিপাব্লিকান প্ৰাৰ্থী ৰামস্বামীয়ে শংকা ব্যক্ত কৰি কয়, "যদি তাত হ'ব পাৰে, ইয়াতো হ'ব পাৰে । আমাৰ নিজৰ সীমান্ত বৰ্তমান প্ৰায় সম্পূৰ্ণ উন্মুক্ত ।"

US India Strategic and Partnership Forum (USISPF) ৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া মুকেশ আঘিয়ে দেওবাৰে ছ’চিয়েল মিডিয়া X ত পোষ্ট কৰি ইজৰাইলৰ সৈতে নিজৰ সমৰ্থন ব্যক্ত কৰে ৷ ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ৰ নেতা ভাৰত বাৰাইয়ে কয় যে হামাছ আৰু হিজবুল্লাহ বিশ্বৰ আটাইতকৈ বৰ্বৰ সন্ত্ৰাসবাদী সংগঠন ।

লগতে পঢ়ক:CWC meet 2023 : আজি অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং সমিতিৰ বৈঠক

ABOUT THE AUTHOR

...view details