অসম

assam

ETV Bharat / international

Hamas attack on Israel: ইজৰাইলৰ ওপৰত হামাচৰ আক্ৰমণ; ভূ-ৰাজনৈতিক দিশৰ ইংগিত - ইজৰাইলৰ প্ৰধানমন্ত্ৰী

ইজৰাইলৰ ওপৰত হামাছৰ হঠাৎ আক্ৰমণত দুয়োপক্ষৰ শ শ লোকৰ মৃত্যু হৈছে । ইটিভি ভাৰতৰ অৰুণিম ভূঞাই এক বিশেষ প্ৰতিবেদনত উল্লেখ কৰিছে যে এই আক্ৰমণ এনে এটা সময়ত সংঘটিত হৈছে যি সময়ত আৰব দেশে ইজৰাইলৰ সৈতে যোগাযোগ স্থাপনৰ চেষ্টা চলাইছে, ইয়াৰ এটা বৃহৎ ভূ-ৰাজনৈতিক কোণ থাকিব পাৰে ।

Hamas attack on Israel
ইজৰাইলৰ ওপৰত হামাচৰ আক্ৰমণ

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 7:20 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 8 অক্টোবৰ : যদিও হামাছে গাজাৰ পৰা ইজৰাইলৰ ওপৰত হঠাতে আক্ৰমণ কৰাৰ কাৰণবোৰ পেলেষ্টাইনৰ সমস্যাৰ দৰেই পুৰণি, সময়ে সূচায় যে ইয়াৰ অন্তৰালত এক বৃহৎ ভূ-ৰাজনৈতিক দিশ আছে ৷ শনিবাৰে পুৱতি নিশা হামাচৰ সশস্ত্ৰ শাখা ইজেডিন আল কাচাম ব্ৰিগেডে এই আক্ৰমণ আৰম্ভ কৰিছিল, য’ত ইহুদী সকলৰ পৱিত্ৰ ছিমচাট তোৰাহৰ বন্ধ আছিল ৷

এই নিৰ্লজ্জ আক্ৰমণত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে “আমি যুদ্ধত আছো” বুলি ঘোষণা কৰাৰ লগে লগে কমেও ২৫০ জন লোক নিহত হয় ৷ ইজৰাইলৰ প্ৰতিশোধমূলক আক্ৰমণত ভূমধ্য সাগৰৰ পূব উপকূলৰ পেলেষ্টাইনী এনক্লেভ গাজাত কমেও ২৩০ জন লোক নিহত হয় ৷ ইতিমধ্যে অজ্ঞাত সংখ্যক ইজৰাইলৰ সৈনিক আৰু নাগৰিককো পণবন্দী কৰি লৈছে হামাছে ৷

আক্ৰমণৰ কিছু সময়ৰ পিছতে ভাৰতত ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনে জাৰি কৰা এক বিবৃতিত কয় যে, ইজৰাইলে বৰ্তমান সমন্বিত, বৃহৎ আৰু বহুমুখী পেলেষ্টাইনী সন্ত্ৰাসবাদী আক্ৰমণক প্ৰতিহত কৰাৰ বাবে যুঁজি আছে ৷ “আজি পুৱাই হামাছে দক্ষিণ আৰু মধ্য ইজৰাইলৰ চহৰ আৰু গাঁৱত শান্তিৰে শুই থকা আমাৰ সাধাৰণ নাগৰিকসকলৰ ওপৰত চলোৱা এই আক্ৰমণ যুদ্ধ অপৰাধ ৷ পুৰুষ, মহিলা, শিশু আৰু বৃদ্ধক হত্যা কৰা, শ শ সাধাৰণ নাগৰিকক আহত কৰা আৰু আমাৰ চহৰসমূহত ২০০০ৰো অধিক ক্ষেপণাস্ত্ৰ আৰু ৰকেট নিৰ্বিচাৰে নিক্ষেপ কৰা হামাছৰ কাপুৰুষমূলক কাৰ্য সংঘটিত হৈছিল ইহুদীসকলৰ পবিত্ৰ বন্ধৰ দিন ছিমচাট টোৰাহৰ সময়ত ৷"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আক্ৰমণক লৈ শোক প্ৰকাশ কৰি এক্স (টুইটাৰ)ত লিখে যে, “ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পাই গভীৰভাৱে স্তম্ভিত ৷ আমাৰ চিন্তা আৰু প্ৰাৰ্থনা নিৰীহ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে ৷ এই কঠিন সময়ত আমি ইজৰাইলৰ সৈতে সংহতিৰে থিয় দিছো ৷” পশ্চিমীয়া সকলো প্ৰধান শক্তিয়ে হামাছৰ এই আক্ৰমণক গৰিহণা দিছে আৰু দুয়োপক্ষক সংযম ৰক্ষাৰ আহ্বান জনাইছে ৷

ইৰাক আৰু জৰ্ডানৰ প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত আৰ দয়াকাৰে কয়, "ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণৰ বাবে হামাছে উল্লেখ কৰা বিষয়বোৰৰ পৰিসৰ আৰু কাৰ্যকৰীকৰণ অভূতপূৰ্ব, সামগ্ৰিকভাৱে পেলেষ্টাইনৰ বিষয়ৰ দৰেই পুৰণি ৷ যেনে জেৰুজালেমৰ আল আকছা মছজিদত প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা, অধিকৃত পশ্চিম তীৰত (ইহুদী) বসতি আৰু ইজৰাইলৰ কাৰাগাৰত পেলেষ্টাইনী বন্দী ৷" বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিম এছিয়া ডেস্কতো সেৱা আগবঢ়োৱা আৰ দয়াকাৰে ইটিভি ভাৰতক এইদৰে জনায় ৷

জেৰুজালেমৰ আল আকছা মছজিদ ইহুদী আৰু মুছলমান উভয়ৰে বাবে পবিত্ৰ ৷ ইহুদীসকলে সেই স্থানটোক টেম্পল মাউণ্ট বুলি কয় ৷ যোৱা মাহত, ইজৰাইলী বাহিনীয়ে আল আকছা মছজিদৰ পৰা উপাসকসকলক উলিয়াই দিয়া আৰু ইয়াৰ চাৰিওফালে তেওঁলোকৰ উপস্থিতি তীব্ৰ কৰাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা আৰোপ কৰিছিল ৷ ইহুদী নৱবৰ্ষ ৰোশ হাছানাহত ইজৰাইলী বসতিস্থাপনকাৰীসকলৰ বাবে পথ পৰিষ্কাৰ কৰিবলৈ 50 বছৰৰ তলৰ যিকোনো পেলেষ্টাইনীৰ প্ৰৱেশাধিকাৰ অস্বীকাৰ কৰিছিল ৷

শেহতীয়াকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইতামাৰ বেন-গ্ভিৰৰ দৰে ইজৰাইলৰ ধৰ্মীয় জাতীয়তাবাদীসকলে আল আকছা চৌহদলৈ ভ্ৰমণ বৃদ্ধি কৰিছে ৷ যোৱা সপ্তাহত ইহুদী শস্য চপোৱা উৎসৱ চুক্কোটৰ সময়ত শ শ অতি গোড়া ইহুদী আৰু ইজৰাইলী কৰ্মীয়ে হামাছৰ পৰা নিন্দা আৰু তাত প্ৰাৰ্থনা কৰা ইহুদীসকলে যথাৰ্থ অৱস্থাৰ চুক্তি উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰি মছজিদটো ভ্ৰমণ কৰিছিল ৷

১৯৪৮ চনৰ আৰব-ইজৰাইল যুদ্ধৰ পিছৰে পৰা আল আকছা মছজিদ এক বিতৰ্কিত বিষয় হৈ পৰিছে ৷ প্ৰশাসনিক সংস্থাটোৱে সমগ্ৰ আল আকছা মছজিদ চৌহদটোৰ বাবে দায়বদ্ধ যিটো জৰ্ডান চৰকাৰৰ এটা অংগ “জেৰুজালেম ৱাকফ” নামেৰে জনাজাত ৷ আল-আকছা মছজিদ চৌহদৰ প্ৰশাসনিক বিষয়ৰ বাবে জেৰুজালেম ৱাকফে দায়বদ্ধ ৷ আনহাতে, ঠাইখনৰ ধৰ্মীয় কৰ্তৃত্বৰ দায়িত্ব পেলেষ্টাইন চৰকাৰে নিযুক্তি দিয়া জেৰুজালেমৰ গ্ৰেণ্ড মুফতীৰ ৷

ইফালে হামাছৰ ৰাজনৈতিক ব্যুৰোৰ উপ-মুখ্য ছালেহ আল-আৰৌৰীয়ে কয় “আমি বহু ইজৰাইলী সৈনিকক হত্যা কৰি বন্দী কৰিবলৈ সক্ষম হৈছো ৷" "ইজৰাইলৰ কাৰাগাৰত আমাৰ বন্দীসকলৰ মুকলি হোৱাৰ সম্ভাৱনা বৃহৎ ৰূপত দেখা গৈছে ৷ আমাৰ হাতত যি আছে সেয়াই আমাৰ সকলো বন্দীক মুকলি কৰি দিব ৷ যুদ্ধ যিমানেই দীঘলীয়া হ’ব সিমানেই বন্দীৰ সংখ্যা বেছি হ’ব ৷" আল-আৰৌৰীৰ উদ্ধৃতিৰে এইদৰে কয় আল জাজিৰাই ৷

কয়দীৰ অধিকাৰৰ এন জি অ’ আডমীৰে প্ৰদান কৰা তথ্য অনুসৰি ইজৰাইলৰ জেলত প্ৰায় ৫,২০০ পেলেষ্টাইনী আছে, য’ত ৩৩ গৰাকী মহিলা আৰু ১৭০ গৰাকী নাবালক আছে ৷ অৱশ্যে কয়দীৰ আদান-প্ৰদান এক দীঘলীয়া আৰু বিতৰ্কিত বিষয় ৷ ২০০৬ চনত হামাছৰ সৈতে জড়িত উগ্ৰপন্থীয়ে সীমা অতিক্ৰম কৰি অভিযান চলাই ইজৰাইলী সৈনিক গিলাদ শালিটক বন্দী কৰিছিল ৷ ইজৰাইলে বন্দী কৰি ৰখা ১,০০০ পেলেষ্টাইনী বন্দী ঘূৰাই নিদিয়ালৈকে তেওঁলোকে শলিটক পাঁচ বছৰ ধৰি বন্দী কৰি ৰাখিছিল ৷

চাৰিজন পেলেষ্টাইনীক হত্যা কৰা আৰু ইজৰাইলী বসতিপ্ৰধান লোকৰ আক্ৰমণ বৃদ্ধিৰ পিছতো গাজাৰ পৰা এই আক্ৰমণ ওচৰ চাপিছে ৷ পৰ্যবেক্ষকসকলে কয় যে ইজৰাইলত উগ্ৰ সোঁপন্থী মিত্ৰজোঁটৰ চৰকাৰখন ক্ষমতালৈ অহাৰ পিছত পশ্চিম পাৰত ইজৰাইলী বসতিপ্ৰধান লোকসকল সাহসী হৈ পৰিছে ৷ ইজৰাইলৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ কিছুমান দীৰ্ঘদিনীয়া আৰব বিৰোধীয়ে লোৱা পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি আক্ৰমণৰ সময়ৰ বাবে এটা ভূ-ৰাজনৈতিক কোণ থকা যেন লাগে ৷ দয়াকাৰে কয় "পুৰুষ, মহিলা আৰু শিশুৰ জীৱন হেৰুৱা আৰু দুখ-কষ্টই আৰব জনসাধাৰণৰ মাজত জনমত আৰু আৱেগ জগাই তুলিব ৷”

শেহতীয়াকৈ সংযুক্ত আৰব আমিৰশ্বাহী (UAE), বাহৰেইন, মৰক্কো, জৰ্ডান, চুডান আৰু ইজিপ্তৰ দৰে কিছুমান আৰব দেশ ইজৰাইলৰ সৈতে যোগাযোগ স্থাপনৰ চেষ্টা কৰিছে ৷ ইজৰাইলৰ অসমতাপূৰ্ণ প্ৰতিশোধে এই সকলো দেশৰ চৰকাৰক হেঁচাত পেলাব ৷ ইজৰাইল আৰু পেলেষ্টাইনীসকলৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত ইজিপ্তে “গুৰুতৰ পৰিণতি”ৰ সতৰ্কবাণী দিছে ৷

একাংশ পৰ্যবেক্ষকে হামাছৰ হঠাৎ আক্ৰমণৰ সৈতে ইজৰাইল আৰু চৌদি আৰৱৰ মাজত আমেৰিকাৰ মধ্যস্থতাকাৰী প্ৰচেষ্টাৰ সম্পৰ্কও প্ৰকাশ কৰিছে ৷ ইজৰাইল আৰু পেলেষ্টাইনীসকলৰ মাজত হিংসা তৎকালীনভাৱে বন্ধ কৰাৰ আহ্বান জনাইছে ছৌদি আৰৱৰ বৈদেশিক মন্ত্ৰালয়ে ৷

ইফালে ইৰাণ সমৰ্থিত সশস্ত্ৰ লেবানন গোট হিজবুল্লাই কয় যে তেওঁলোক “পেলেষ্টাইন প্ৰতিৰোধৰ নেতৃত্বৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত আছে” ৷ ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, দেওবাৰে হিজবুল্লাই পেলেষ্টাইনী জনসাধাৰণৰ সৈতে “সংহতি” কৰি বিবাদিত শ্বেবা ফাৰ্মত গাইডেড ৰকেট আৰু আৰ্টিলাৰী নিক্ষেপ কৰে ৷ ইজৰাইলে প্ৰতিশোধ লয় আৰু দক্ষিণ লেবাননত আৰ্টিলাৰীৰ চলায় ৷ যদিহে হিজবুল্লাই এই যুঁজত প্ৰৱেশ কৰে তেন্তে ইজৰাইলৰ বাবে পৰিস্থিতি কঠিন হৈ পৰিব কাৰণ ইয়াৰ দুটা ফ্ৰণ্টত যুদ্ধ হ’ব ৷ শেহতীয়া সংঘাতক লৈ সোমবাৰে বৈঠক আহ্বান কৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি থাকিব ৷

লগতে পঢ়ক :Israel crisis : হামাছৰ বিৰুদ্ধে প্ৰতিশোধৰ ভাবুকি ইজৰাইলৰ, গাজাত ভয়ংকৰ আক্ৰমণৰ আশংকা

ABOUT THE AUTHOR

...view details