ইণ্টাৰনেশ্যনেল ডেস্ক ,21 নৱেম্বৰ: দেওবাৰে উত্তৰ-মধ্য গুৱানাজুয়াটো ৰাজ্যৰ এখ থানাত বন্দুকধাৰীয়ে গুলীচালনা কৰে (Opened fire in Guanajuato) ৷ সমান্তৰালভাৱে আৰক্ষীয়ে গুলীচালনা কৰাত কেইবাজনো লোকৰ মৃত্যু হয় (Gunmen attack Mexico police station) । চেলায়া চহৰৰ আৰক্ষীয়ে জনোৱা মতে, কেইবাজনো আক্ৰমণকাৰী নিহত হৈছে যদিও সঠিক সংখ্যা বৰ্তমানলৈ গম পোৱা হোৱা নাই বুলি উল্লেখ কৰে । মহানগৰীৰ উপকণ্ঠ অঞ্চলৰ এখন চহৰত সংঘটিত হয় এই আক্ৰমণ ।
চেলায়াৰ আৰক্ষী অধীক্ষক জেছ ৰিভেৰাই কয় যে, তিনিজন আৰক্ষী বিষয়া আহত হৈছে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিবলৈ দিয়ে (Celaya police chief Jess Rivera)৷ মেক্সিকোৰ ৩২খন ৰাজ্যৰ ভিতৰত সৰ্বাধিক হত্যাকাণ্ড সংঘটিত হোৱা ৰাজ্যখনেই হৈছে গুয়ানাজুয়াটো (Guanajuato has highest number of homicides)।