আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 22 ডিচেম্বৰ :চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগৰ প্ৰাগ বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা ৷ বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ ভিতৰত এজন শিক্ষাৰ্থীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে ৷ এই ঘটনাৰ ফলত কমেও 14 জন লোক নিহত হোৱাৰ লগতে প্ৰায় 25 গৰাকী লোক আহত হয় ৷
প্ৰাগ আৰক্ষী প্ৰধান মাৰ্টিন ভণ্ড্ৰাছেকে কয় যে, চাৰ্লছ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ ভৱনত সংঘটিত হৈছিল এই গুলীচালনাৰ ঘটনা ৷ গুলীচলনা কৰা শ্বুটাৰজন এগৰাকী ছাত্ৰ আছিল ৷ ইতিমধ্যে শ্বুটাৰজনৰো মৃত্যু হৈছে ৷ এতিয়ালৈকে শ্বুটাৰজনৰ নাম প্ৰকাশ কৰা হোৱা নাই ৷ শ্বুটাৰজনৰ অনুজ্ঞাপত্ৰ থকা কেইবাটাও বন্দুক আছিল ৷
ভণ্ড্ৰাছেকে লগতে জনায় যে, এই গুলীচালনাৰ ঘটনাত 14 জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 25 জন আহত হয় ৷ কৰ্তৃপক্ষই লগতে জানিবলৈ দিয়া অনুসৰি অনাগত সময়ত মৃতকৰ সংখ্যা বৃদ্ধি হ’ব পাৰে ৷
চেক অভ্যন্তৰীণ মন্ত্ৰী ভিট ৰাকুচানে কৈছিল যে, প্ৰাথমিক অনুসন্ধানত ছাত্ৰগৰাকী কোনো উগ্ৰপন্থী তথা অন্য গোটৰ লগত জড়িত থকাৰ তথ্য লাভ কৰা হোৱা নাই ৷ এই শোকাৱহ ঘটনাত প্ৰাণ হেৰুৱাসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আত্মাৰ সদগতিৰ কামনা কৰিছে ৷