ইণ্টাৰনেশ্যনেল ডেস্ক, 12 জানুৱাৰী:বৃহস্পতিবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷ আফগানিস্তানস্থিত খামা প্ৰেছে বিষয়াৰ উদ্ধৃতি দি প্ৰকাশ কৰে এই বাতৰি ৷ এই বিস্ফোৰণৰ ফলত বৰ্তমানলৈ দুজন লোক নিহত হোৱাৰ লগতে 12 জন লোক আহত হোৱাৰ কথা জানিব পৰা হৈছে ।
কাবুলৰ পিডি 18 ত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণৰ বাবেই এই বিস্ফোৰণ ঘটিছে বুলি তালিবানে নিযুক্তি দিয়া কাবুল নিৰাপত্তা বিভাগৰ মুখপাত্ৰ খালিদ জাড্ৰানে কয় । দোষীক বিচাৰি উলিয়াবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
অন্যহাতে, উত্তৰে অৱস্থিত মাজাৰ-ই-শ্বৰীফত আন এক বিস্ফোৰণৰ খবৰ পোৱা গৈছে । খামা প্ৰেছে প্ৰকাশ কৰা অনুসৰি কৰ্তৃপক্ষই সম্ভাৱ্য হতাহতিৰ সন্দৰ্ভত কোনো তথ্য বৰ্তমান পৰ্যন্ত প্ৰকাশ কৰা নাই ।
মঙলবাৰে কাবুলত সংঘটিত হোৱা বোমা বিস্ফোৰণত কমেও তিনিজন লোকৰ প্ৰাণ নাশ হোৱাৰ পিছতে শেহতীয়াকৈ এই বিস্ফোৰণসমূহ সংঘটিত হৈছে । খামা প্ৰেছৰ প্ৰতিবেদন অনুসৰি আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ মিছনে এই বিস্ফোৰণে বিশেষভাৱে কাবুলৰ পশ্চিম দিশৰ দষ্ট-ই-বৰচি অঞ্চলৰ হাজাৰী জনগোষ্ঠীক লক্ষ্য কৰি লৈছে বুলি ইংগিত দিছে ।