ইণ্টাৰনেচনেল ডেস্ক, ৬ মাৰ্চ :জাৰ্মান চেন্সেলৰ ওলাফ স্কলজে কয় যে, যদি চীনে ইউক্ৰেইনত মস্কোৰ যুদ্ধৰ বাবে ৰাছিয়ালৈ অস্ত্ৰ প্ৰেৰণ কৰে তেন্তে তাৰ পৰিণাম ভুগিব লাগিব (German Chancellor Olaf Scholz warns china) । অৱশ্যে তেওঁ যথেষ্ট আশাবাদী যে বেইজিঙে এনে কৰাৰ পৰা বিৰত থাকিব । ৱাশ্বিংটনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক (US President Joe Biden) লগ পোৱাৰ দুদিন পিচত দেওবাৰে চিএনএনৰ সৈতে হোৱা (Scholzs interview with CNN) এক সাক্ষাৎকাৰত স্কলজে এই মন্তব্য দিয়ে (China weapons to Russia for Ukraine war) ।
উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে শেহতীয়াকৈ সতৰ্ক কৰি দিছে যে, চীনে তেওঁলোকৰ কাষৰ পৰা আঁতৰি যাব পাৰে আৰু মস্কোক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ প্ৰদান কৰা আৰম্ভ কৰিব পাৰে (china arms and ammunition to Moscow) । তেওঁৰ ভ্ৰমণৰ পূৰ্বে স্কলজে বেইজিংক অস্ত্ৰ প্ৰেৰণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় আৰু তাৰ পৰিৱৰ্তে চীনৰ প্ৰভাৱ ব্যৱহাৰ কৰি ৰাছিয়াক ইউক্ৰেইনৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ হেঁচা দিয়ে (Russia Ukraine war) ।
চিএনএনে তেওঁক সুধিছিল যে, যদি চীনে ৰাছিয়াক সহায় কৰে তেন্তে তেওঁ চীনৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিব পাৰে নেকি । ইয়াৰ উত্তৰত স্কলজে কয় : "মই ভাবোঁ ইয়াৰ নিশিচিত পৰিণাম হ'ব । কিন্তু আমি এতিয়া এনে এক পৰ্যায়ত আছোঁ, য'ত আমি স্পষ্ট কৰি দিছোঁ যে এনে হোৱা উচিত নহয় । আৰু মই তুলনামূলকভাৱে আশাবাদী যে আমি এই ক্ষেত্ৰত আমাৰ যি অনুৰোধ তাৰ দ্বাৰা সৈতে সফল হ'ম । কিন্তু আমি এইটো লক্ষ্য কৰিব লাগিব আৰু আমি অতি বেছি পৰিমাণে সতৰ্ক হ'ব লাগিব ।"