নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ:ৰাষ্ট্ৰসংঘ আৰু আমেৰিকাৰ আহ্বানকো নেওচি ইজৰাইলে পেলেষ্টাইনত অব্যাহত ৰাখিছে আক্ৰমণ ৷ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে শনিবাৰে পশ্চিমীয়া মিত্ৰ দেশসমূহে পেলেষ্টাইনৰ সাধাৰণ নাগৰিকক সুৰক্ষা প্ৰদানৰ বাবে আগবঢ়োৱা প্ৰস্তাৱৰ বিৰুদ্ধে গাজাত পুনৰ চলায় আক্ৰমণ ৷ ইজৰাইলী সৈন্যই গাজাৰ সৰ্ববৃহৎ চিকিৎসালয়খনত ঘেৰি ধৰাৰ পিচত শেষৰটো জেনেৰেটৰৰ ইন্ধন শেষ হৈ পৰে আৰু ইয়াৰ ফলত দেৱ শিশু এটিকে ধৰি পাঁচজন ৰোগীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । ইজৰাইলে যুদ্ধবিধস্ত দেশখনৰ বৃহৎ হাস্পতালখনক শ্বিফা হামাছৰ মূল কমাণ্ড পোষ্ট হিচাপে চিহ্নিত কৰি কয় যে উগ্ৰপন্থীয়ে তাত সাধাৰণ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ লগতে ইয়াৰ তলত বাংকাৰ স্থাপন কৰিছে ।
উল্লেখ্য যে, গাজাৰ উত্তৰ দিশৰ যুদ্ধক্ষেত্ৰ আৰু অন্যান্য চিকিৎসালয়ৰ সমীপত যুদ্ধ তীব্ৰতৰ হৈ পৰিছে আৰু বিজুলী যোগান শেষ হৈ পৰিছে, যাৰ নেতিবাচক প্ৰভাৱ পৰিছে চিকিৎসা সেৱাত । চিকিৎসালয় শ্বিফাৰ পৰিচালক মহম্মদ আবু চেলমিয়াই কয় যে যথেষ্ট নিৰীক্ষণত থকা ৰোগীসকলৰ মৃত্যু হ’বলৈ ধৰিলে ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ মুখপাত্ৰ মেধাত আব্বাছে জানিবলৈ দিয়া মতে, জেনেৰেটৰ বন্ধ হোৱাৰ পিছতে সদ্যেজাত শিশুৰ লগতে কেঁচুৱাকে ধৰি পাঁচজন ৰোগীৰ মৃত্যু ঘটে । তেওঁ কয় যে শ্বিফাই মুঠ 37 টা নৱজাতকৰ যত্ন লৈছে । সাধাৰণ নাগৰিকক পলায়নৰ সুবিধাকৈ ইজৰাইলে প্ৰতিদিনে কেবাঘণ্টা ধৰি দক্ষিণ দিশলৈ যোৱা মূল পথটো মুকলি কৰি আহিছে বুলি জানিব পৰা গৈছে ।
উগ্ৰপন্থী সংগঠনটোৱে গাজাত সাধাৰণ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰা বুলি দীৰ্ঘদিনীয়া অভিযোগ সন্দৰ্ভত প্ৰতুত্তৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সাধাৰণ নাগৰিকৰ যিকোনো ক্ষতিৰ দায়িত্ব হামাছৰ ওপৰত নিহিত হৈ আছে বুলি কয় । তেওঁ কয় যে ইজৰাইলে সাধাৰণ নাগৰিকক যুদ্ধক্ষেত্ৰ এৰি যাবলৈ আহ্বান জনাইছে যদিও হামাছে তেওঁলোকক ওলাই যাব নোৱাৰাকৈয়ে সকলো প্ৰচেষ্টা চলাইছে ।
উল্লেখ্য যে, ফ্ৰান্সৰ লগতে আমেৰিকায়ো ইজৰাইলে অধিগ্ৰহণ কৰা পেলেষ্টাইনৰ ভূমিত সাময়িকভাৱে যুদ্ধ বিৰতিৰ বাবে আহ্বান জনাইছিল যাতে অতি প্ৰয়োজনীয় সাহায্যৰ ব্যাপক বিতৰণ সম্ভৱ হয় ৷ কিন্তু ইজৰাইলে এতিয়ালৈকে কেৱল সেই চমু দৈনিক সময়চোৱাৰ বাবেহে সন্মতি প্ৰকাশ কৰিছে, য’ত সাধাৰণ নাগৰিকে যুদ্ধস্থলীৰ পৰা পলায়ন কৰিব পাৰে । যুদ্ধক্ষেত্ৰৰ বহু লোকে গাজাত থকা চিকিৎসালয় আৰু ৰাষ্ট্ৰসংঘৰ আশ্ৰয়গৃহবোৰত আশ্ৰয় লৈছে ।
চিকিৎসালয়ৰ সমীপৰ অৱস্থা