নিউজ ডেস্ক, 15 অক্টোবৰ : গাজাৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণ অব্যাহত আছে ৷ এই যুদ্ধই ইতিমধ্যে এসপ্তাহত ভৰি দিছে । ইজৰাইলৰ বিমান আক্ৰমণত গাজাৰ 2.3 নিযুত নাগৰিকে খাদ্য, পানী আৰু সুৰক্ষাৰ বাবে ভয়ংকৰ প্ৰত্যহ্বানৰ সন্মুখীন হৈছে ৷ হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ ওপৰত মাৰাত্মক আক্ৰমণ আৰম্ভ কৰাৰ পিচ দিনাই প্ৰত্যুত্তৰ দি ইজৰাইলে বিমানেৰে আক্ৰমণ কৰিছিল গাজাত ৷ এই আক্ৰমণত কেইবা হাজাৰ লোকে ইজৰাইলৰ আদেশানুসৰি উত্তৰ দিশে অগ্ৰসৰ হোৱাৰ বিপৰীতে অন্য কিছু লোক স্থানীয় হাস্পতালত আৱদ্ধ হৈ আছিল ৷
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যুঁজ আৰম্ভ হোৱাৰ পিচত 2,329 জন পেলেষ্টাইনী নিহত হৈছে ৷ ইফালে ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি দেওবাৰলৈ ইজৰাইল আৰু হামাছৰ মাজত অব্যাহত থকা যুঁজত মৃতকৰ সংখ্যা তৃতীয় যুদ্ধত মৃত্যুৰ সংখ্যাৰ অতিক্ৰম কৰিছে ৷ 2014 চনৰ গ্ৰীষ্মকালত সংঘটিত হোৱা যুদ্ধত 1,462 জন সাধাৰণ লোকসহ 2,251 জন পেলেষ্টাইনী লোক নিহত হৈছিল ৷ সেই যুদ্ধ ছয় সপ্তাহ ধৰি চলিছিল ৷ সেই যুদ্ধত ইজৰাইলৰ 74 জন লোক নিহত হৈছিল, যাৰ ভিতৰত আছিল ছয়জন সাধাৰণ লোক ৷