অসম

assam

ETV Bharat / international

Quake Hits Turkey and Indonesia: তুৰস্কত পুনৰ ভূমিকম্প; ইণ্ডোনেচিয়াতো অনুভূত ৬.৮ প্ৰাবল্যৰ ভূমিকম্প - earthquake struck off Indonesia

১৬ দিন পূৰ্বে তুৰস্ক আৰু ছিৰিয়াক জোঁকাৰি যোৱা ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটাৰ বিপৰীতে কেইবা হাজাৰ লোক গৃহহীন হৈ পৰে । তাৰ মাজতে আন এটা ভূ-কম্পনে জোঁকাৰি যায় অঞ্চলটো । আনহাতে, শুকুৰবাৰে পুৱা ইণ্ডোনেছিয়াৰ পূব প্ৰদেশ উত্তৰ মালুকুত ৬.৮ প্ৰাবল্যৰ এটি ভূমিকম্প সংঘটিত হয় (Quake Hits Turkey and Indonesia) ।

earthquake struck Turkey
Quake Hits Turkey and Indonesia

By

Published : Feb 24, 2023, 7:27 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী : দেশখনৰ দুৰ্যোগ সংস্থাই জনোৱা অনুসৰি, ছিৰিয়াৰ সীমান্তৱৰ্তী দক্ষিণ তুৰস্ক প্ৰদেশৰ হাটাইত ৫ প্ৰাবল্যৰ এটা ভূমিকম্প সংঘটিত হয় (earthquake struck Turkey) । দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া ৬.৫৩ বজাত ৯.৭৬ কিলোমিটাৰ গভীৰতাত সংঘটিত ভূমিকম্পটোৰ অভিকেন্দ্ৰ হৈছে ডেফনে জিলা (earthquake struck Syria) ।

অৱশ্যে এই ভূমিকম্পটোৰ ফলত এতিয়ালৈকে কোনো লোক নতুনকৈ হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই (Fresh magnitude 5 quake hits Turkey) । ছিনহুয়া সংবাদ সংস্থাই এই কথা জনাইছে । উল্লেখ্য, ৬ ফেব্ৰুৱাৰীত প্ৰথমে দুটা প্ৰচণ্ড ভূমিকম্পই হাটাইক আঘাত কৰাৰ পিচত মঙলবাৰে নিশা আন দুটা ভূমিকম্প সংঘটিত হয় । মঙলবাৰে সংঘটিত প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল 6.4 আৰু ভূমিকম্পটোৰ কেন্দ্ৰস্থল হৈছে ডেফনে জিলা । আনহাতে, ৬ ফেব্ৰুৱাৰীত স্থানীয় সময় অনুসৰি পুৱা ৪.১৭ বজাত তুৰস্কৰ দক্ষিণ প্ৰদেশ কাহৰমণমাৰাছত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয় (massive earthquake in Turkey) । তাৰ পিচত একেখন প্ৰদেশতে স্থানীয় সময় অনুসৰি দুপৰীয়া ১.২৪ বজাত ৭.৬ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয় (massive earthquake in Syria) ।

আনহাতে, ধ্বংসপ্ৰাপ্ত অট্টালিকাৰ ধ্বংসস্তূপৰ পৰা অধিক মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে এই প্ৰচণ্ড ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা বৃদ্ধি পাই আছে । অৱশ্যে ভূমিকম্পৰ পিচত বৃহস্পতিবাৰলৈকে পৰিস্থিতিৰ গুৰুত্বপূৰ্ণ বিকাশ ঘটিছে । তুৰস্কৰ আভ্যন্তৰীণ মন্ত্ৰী চুলেমান চয়লুৱে তুৰস্কত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পৰা মৃত্যুৰ সংখ্যা ৪৩,৫৫৬-লৈ বৃদ্ধি হোৱা বুলি জনাইছে । আনহাতে, তুৰস্ক আৰু ছিৰিয়াত মিলি এই মৃত্যুৰ সংখ্যা বৰ্তমান ৪৭,২৪৪ জনলৈকে বৃদ্ধি পাইছে (Death tolls 47000 in Syria Turkey quake) ।

ইফালে শুকুৰবাৰে পুৱা ইণ্ডোনেছিয়াৰ পূব প্ৰদেশ উত্তৰ মালুকুত ৬.৮ প্ৰাবল্যৰ এটা ভূমিকম্প সংঘটিত হয় (earthquake struck off Indonesia) । অৱশ্যে ইয়াৰ ফলত কোনো লোক হতাহত বা ক্ষয়-ক্ষতি হোৱা নাই বুলি কৰ্তৃপক্ষই জনাইছে । দেশখনৰ বতৰ বিজ্ঞান, জলবায়ু বিজ্ঞান আৰু ভূ-পদাৰ্থ বিজ্ঞান সংস্থাই জনোৱা মতে, স্থানীয় সময় অনুসৰি শুকুৰবাৰে পুৱা ৩.০২ বজাত ভূমিকম্পটো সংঘটিত হয় । ইয়াৰ কেন্দ্ৰস্থল হৈছে মৰোটাই দ্বীপ জিলাৰ পৰা ১৩৩ কিলোমিটাৰ উত্তৰ-পশ্চিমত আৰু সাগৰৰ তলত ১১২ কিলোমিটাৰ গভীৰতাত । অৱশ্যে ইয়াৰ ফলত ছুনামি হোৱা নাছিল বুলিও জানিব পৰা গৈছে ।

সংস্থাটোৱে জনোৱা মতে, ওচৰৰ উত্তৰ চুলাৱেচি প্ৰদেশতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয় । ছিনহুয়া সংবাদ সংস্থাৰ প্ৰতিবেদনৰ উদ্ধৃতি অনুসৰি, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন সংস্থাৰ মুখপাত্ৰ আব্দুল মুহাৰীয়ে কয় যে, এতিয়ালৈকে ভূমিকম্পৰ কম্পনৰ ফলত অট্টালিকা বা আন্তঃগাঁথনিত কোনো ক্ষতি হোৱা নাই ।

"ভূমিকম্পৰ পিচত ক্ষয়-ক্ষতি বা হতাহত হোৱাৰ কোনো প্ৰাৰম্ভিক খবৰ নাই ।" মুখপাত্ৰজনে ছিনহুয়াক ফোনযোগে জনায় । মৰোটাই দ্বীপ জিলাৰ বাসিন্দাসকলে কম্পন অনুভৱ কৰিছিল, কিন্তু তেওঁলোক আতংকিত হোৱা নাছিল । উত্তৰ মালুকু প্ৰদেশৰ দুৰ্যোগ সংস্থাটোৰ জৰুৰীকালীন গোটৰ মুৰব্বী য়ুছৰী এ কাছিমে ছিনহুয়াক এইকথা ফোনযোগে জনায় । উল্লেখ্য, ইণ্ডোনেছিয়া "পেচিফিক ৰিং অব ফায়াৰ" (Pacific Ring of Fire) নামৰ এক দুৰ্বল ভূমিকম্প-পীড়িত অঞ্চলত অৱস্থিত ।

লগতে পঢ়ক :Earthquake review of Assam: বৃহৎ ভূমিকম্পই পুনৰ কঁপাব নেকি অসম; বিশেষজ্ঞই কি কয় ?

ABOUT THE AUTHOR

...view details