ইণ্টাৰনেশ্যনেল ডেস্ক, 29 অক্টোবৰ :আগন্তুক মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰেআমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মাইক পেন্সে ৷শনিবাৰে এই ঘোষণা কৰে আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এয়া তেওঁৰ বাবে উপযুক্ত সময় নহয় বুলি উল্লেখ কৰি দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টীৰ ওপৰত বিস্তাৰ কৰি অহা আধিপত্য সন্দৰ্ভতো আলোকপাত কৰে ।
পেন্সে এয়া তেওঁৰ সময় নহয় বুলি উল্লেখ কৰাৰ লগতে কয়, "বহু প্ৰাৰ্থনা আৰু বিবেচনাৰ অন্তত মই ৰাষ্ট্ৰপতি পদৰ প্ৰচাৰ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে’’ । উল্লেখ্য যে, চাৰি বছৰ ধৰি আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ট্ৰাম্পৰ প্ৰতি প্ৰশ্নবিহীন আনুগত্যৰ বাবে থিয় দিছিল ৷ আনকি হোৱাইট হাউছে অভিযোগনামা, নৈতিকতা কেলেংকাৰী আৰু জ্যেষ্ঠ কৰ্মচাৰীৰ মাজত হোৱা সংঘাতৰ সময়তো আচৰিত ধৰণে সংগ্ৰাম চলাইছিল ৷
অৱশ্যে 2020 বৰ্ষত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিচত পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছিল ৷ উল্লেখ কৰা প্ৰয়োজন যে, ট্ৰাম্প সমৰ্থকসকলে 2021 চনৰ 6 জানুৱাৰীত “হেং মাইক পেন্স” বুলি শ্ল’গান দিছিল ৷ ট্ৰাম্প ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিচত ধাৰাবাহিকভাৱে অপৰাধমূলক গোচৰত নাম সাঙোৰ খোৱাৰ পিচত পেন্সৰ নতুন কেৰিয়াৰ গঢ়ি তোলাৰ আশা নিৰ্ধাৰিত হৈ পৰিল ।