ইন্টাৰনেশ্যনেল ডেস্ক, 3 ছেপ্টেম্বৰ: ভয়াৱহ অৰ্থনৈতিক সংকটত দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা ৷ অৰ্থনৈতিক অচলাৱস্থাই দেখা দিয়াৰ পিছতে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচা সন্মুখীন হৈছিল তীব্ৰ গণ-বিক্ষোভৰ(Former President of sri Lanka Gotabaya Rajapaksa) ৷ গণ ক্ষোভৰ পৰা বাচিবলৈ অৱশেষত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ এৰি পলায়ণ কৰিবলৈ বাধ্য হৈছিল ৷
দেশ এৰি পলায়ন কৰাৰ প্ৰায় দুমাহৰ পাছত শুকুৰবাৰে থাইলেণ্ডৰ পৰা দেশলৈ উভতি আহে শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে । উল্লেখ্য যে, দেশখনত অত্যাৱশকীয় সামগ্ৰীৰ নাটনিয়ে দেখা দিয়াৰ পিছতে সৰ্বসাধাৰণ ৰাইজে ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল ৷ পৰৱৰ্তী সময়ত ১৩ জুলাইৰ দিনা দেশ এৰি পলায়ন কৰে আৰু ছিংগাপুৰৰ পৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৭৩ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
সম্পূৰ্ণ নিৰাপত্তাৰ মাজতে শ্ৰীলংকাৰ বান্দৰনাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শুকুৰবাৰে উপস্থিত হয় ৰাজাপাকছা । বিমানবন্দৰত শাসকীয় শ্ৰীলংকা পডুজানা পেৰামুনা (এছএলপিপি) দলৰ কেইবাজনো মন্ত্ৰী আৰু সংসদৰ সদস্যই ৰাজাপাকছাক সাক্ষাৎ কৰাৰ পিছত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাজপাকছা বিমানবন্দৰৰ পৰা ওলাই যায়(Sri Lanka Podujana Peramuna) ।
বেংকক আৰু কলম্বোৰ মাজত কোনো পোনপটীয়া বিমান চলাচলৰ সুবিধা নথকাৰ বাবে ছিংগাপুৰ এয়াৰলাইন্সৰ বিমানেৰে শ্ৰীলংকালৈ উভতি আহে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী । এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে চৰকাৰী গৃহ, নিৰাপত্তা আৰু অন্যান্য বিশেষ কিছু সা-সুবিধা লাভ কৰিব ৰাজাপাকছাই ৷ কলম্বোৰ উইজেৰামা মাৱাথাৰ ওচৰৰ এটা ৰাজ্যিক বাংলোত বাস কৰাৰ বিপৰীতে ৰাজাপাকচাৰ নিৰাপত্তাৰ দিশটোলৈ লক্ষ্য ৰাখি অঞ্চলটোত এটা বৃহৎ নিৰাপত্তা সংস্থা নিযুক্তি দিয়া হ’ব বুলি দেশখনৰ সংবাদ সূত্ৰত প্ৰকাশ ৷
দেশখনৰ নাগৰিকে ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগ দাবী কৰাৰ পিছতে ৰাষ্ট্ৰপতিগৰাকীয়ে অস্থায়ী আশ্ৰয় বিচাৰি থাইলেণ্ডলৈ উৰা মাৰে । থাইলেণ্ড প্ৰশাসনে ৰাজাপাকছা এতিয়াও ডিপ্ল'মেটিক পাছপৰ্টধাৰী হোৱাৰ বাবেই দেশখনত ৯০ দিনলৈ থকাৰ ব্যৱস্থা কৰিছিল । অৱশ্যে থাইলেণ্ডত থকা সময়ছোৱাত ৰাজাপাকছা কোনোধৰণৰ ৰাজনৈতিক কাম-কাজত লিপ্ত হ’ব নোৱাৰিব বুলি জানিবলৈ দিছিল ৷