ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ :চীনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট অৰ্থনীতিবিদ লি কেকিয়াঙৰ শুকুৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । ৬৮ বছৰ বয়সত মৃত্যু ৰাজনীতিবিদগৰাকীৰ । শেহতীয়াকৈ নেতাগৰাকীয়ে ছাংহাইত অৱসৰ বিনোদনৰ বাবে গৈছিল আৰু বৃহস্পতিবাৰে তেওঁ হঠাৎ হৃদৰোগত আক্ৰান্ত হৈছিল । কিন্তু শুকুৰবাৰে পুৱা তেওঁৰ মৃত্যু হয় । তেওঁৰ মৃত্যুত সমগ্ৰ চীনতে শোকৰ ছাঁ পৰিছে । অৰ্থনীতিবিদগৰাকীক ২০১৩ চনত কমিউনিষ্ট পাৰ্টীৰ তদানীন্তন নেতা হু জিনতাওৰ উত্তৰাধিকাৰী হোৱাৰ দাবীদাৰ বুলি গণ্য কৰা হৈছিল ।
শীৰ্ষ অৰ্থনীতিবিদ হিচাপে লিয়ে নিযুক্তি আৰু সম্পদ সৃষ্টিকাৰী উদ্যোগীসকলৰ বাবে পৰিস্থিতি উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিছিল । ৭০ বছৰৰ অনানুষ্ঠানিক অৱসৰৰ বয়সতকৈ দুবছৰ কম হোৱা স্বত্বেও ২০২২ চনৰ অক্টোবৰত লিক দলে স্থায়ী সমিতিৰ পৰা বাদ দিছিল । একেদিনাই, ঝি জিংপিঙে নিজকে দলৰ নেতা হিচাপে কাৰ্যকাল আৰম্ভ কৰে ।
লি কেকিয়াঙে উপ-প্ৰধানমন্ত্ৰী হিচাপে ২০১৩ চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিল । তেওঁৰ নেতৃত্বত চীনে অৰ্থনীতি তথা বাণিজ্যিক ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছিল । ইফালে লিক ১৯৮০ ৰ দশকৰ তেতিয়াৰ সৰ্বোচ্চ নেতা ডেং জিয়াওপিঙৰ বজাৰমুখী সংস্কাৰ পুনৰুজ্জীৱিত কৰাৰ বাবে এক সম্ভাৱ্য প্ৰাৰ্থী হিচাপে দেখা গৈছিল যিয়ে চীনৰ উত্থান আৰম্ভ কৰিছিল । অৱশ্যে ঝি জিনপিঙৰ উত্থানে তেওঁৰ ক্ষমতা বহু পৰিমাণে হ্ৰাস কৰে ।
লিয়ে ২০১২ চনত বিশ্ব বেংক আৰু কেবিনেট গৱেষণা সংস্থাৰ দ্বাৰা প্ৰকাশিত চীন ২০৩০ প্ৰতিবেদনক সমৰ্থন কৰিছিল বুলি বিশ্বাস কৰা হৈছিল যিয়ে ৰাজ্যিক উদ্যোগৰ আধিপত্য হ্ৰাস কৰিবলৈ আৰু বজাৰ শক্তিৰ ওপৰত অধিক নিৰ্ভৰ কৰিবলৈ নাটকীয় পৰিৱৰ্তনৰ আহ্বান জনাইছিল ।