অসম

assam

ETV Bharat / international

Pakistan news: লণ্ডনত পাকিস্তান মুছলিম লীগ (এন)ৰ শীৰ্ষ নেতা নৱাজ শ্বৰীফক সাক্ষাৎ কৰিব শ্বাহবাজ শ্বৰীফে - পাকিস্তান মুছলিম লীগ

ড’ন সংবাদ পত্ৰই প্ৰকাশ কৰা অনুসৰি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে লণ্ডনত উপস্থিত হৈছে য’ত তেওঁ নিজৰ ভাতৃ আৰু পাকিস্তান মুছলিম লীগৰ (এন) শীৰ্ষ নৱাজ শ্বৰীফক সাক্ষাৎ কৰিব ৷ এই সাক্ষাতত আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে ।

PM Shehbaz Sharif reaches London
শীৰ্ষ নেতা নৱাজ শ্বৰীফক সাক্ষাৎ কৰিব শ্বাহবাজ শ্বৰীফ

By

Published : Aug 21, 2023, 1:57 PM IST

নেশ্যনেল ডেস্ক, 21 আগষ্ট:পাকিস্তান মুছলিম লীগ (এন)ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু সভাপতি শ্বাহবাজ শ্বৰীফে সোমবাৰে লাহোৰৰ পৰা লণ্ডনলৈ ৰাওনা হ'ব । লণ্ডনত থকাৰ সময়ছোৱাত শ্বাহবাজ শ্বৰীফে দলৰ নেতা মহম্মদ নৱাজ শ্বৰীফকো সাক্ষাৎ কৰিব । ডনে টুইটাৰত উল্লেখ কৰা মতে, কাটাৰ এয়াৰৱেজৰ বিমানেৰে লাহোৰৰ পৰা ৰাওনা হৈছিল আৰু ড’হাত কিছু সময়ৰ বাবে অৱতৰণ কৰিছিল ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু সভাপতি শ্বাহবাজ শ্বৰীফ জড়িত হৈ থকা গোচৰসমূহৰ মৰ্যাদা এই বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷ দুয়োজন ভাতৃয়ে দলৰ শীৰ্ষ নেতাগৰাকীৰ পাকিস্তানলৈ উভতি অহাৰ তাৰিখ নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে । দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত 2019 চনৰ নৱেম্বৰ মাহত লণ্ডনলৈ চিকিৎসাৰ বাবে দেশ এৰি থৈ যায় নৱাজ শ্বৰীফে । তাৰ পিছত দেশখনৰ তিনিবাৰ প্ৰধানমন্ত্ৰীগৰাকী ঘূৰি অহা নাই ৷ ড’ন সংবাদ পত্ৰৰ প্ৰতিবেদন অনুসৰি পাকিস্তানত একাধিক ৰোগৰ সন্মুখীন হ’বলগীয়া হৈছে প্ৰধানমন্ত্ৰীগৰাকী ।

শেহতীয়াকৈ শ্বেহবাজ শ্বৰীফে কয় যে, তেওঁৰ ভাতৃয়ে ছেপ্টেম্বৰ মাহত পাকিস্তানলৈ উভতি আহি পিএমএল-এনৰ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিব আৰু নিৰ্বাচনত দলটোৱে বিজয়ী হৈ ওলাই আহিলে চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰিব । জিঅ’ নিউজৰ এক অনুষ্ঠানত দিয়া এক সাক্ষাৎকাৰত পিএম শ্বৰীফে কয় যে, তত্বাৱধায়ক চৰকাৰে দায়িত্ব লোৱাৰ লগে লগে তেওঁ লণ্ডনলৈ গৈ নিজৰ জ্যেষ্ঠ ভাতৃ নৱাজক লগ কৰিব ।

কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰিভিউ অৱ জজমেণ্ট এণ্ড অৰ্ডাৰছ এক্ট, 2023 ক “অসাংবিধানিক” বুলি ৰায় দিছে, নৱাজ শ্বৰীফৰ সকলো আশাতে চেঁচা পানী পেলাইছে বুলি জিঅ’ নিউজে প্ৰকাশ কৰিছে । এই সিদ্ধান্তই নৱাজ শ্বৰীফৰ নিজৰ গৃহভূমিলৈ ঘূৰি অহাৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি কৰিছে । কিন্তু, নৱাজ শ্বৰীফৰ প্ৰত্যাৱৰ্তনক লৈ যেন আত্মবিশ্বাসী পিএমএল-এন ।

লগতে পঢ়ক: America politics: ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাথমিক বিতৰ্ক ত্যাগ কৰিব ট্ৰাম্পে

ABOUT THE AUTHOR

...view details