ইণ্টাৰনেচনেল ডেস্ক, ১১ মে' : পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনচাফ দলৰ (Tehreek-e-Insaf) উপাধ্যক্ষ মখদুম শ্বাহ মেহমুদ কুৰেশ্বিক বৃহস্পতিবাৰে ইছলামাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অজ্ঞাত স্থানলৈ লৈ যায় (PTI Vice Chairman Shah Mehmood Qureshi arrested) । প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান নেতৃত্বাধীন পাক ৰাজনৈতিক দলটোৱে বৃহস্পতিবাৰে টুইট কৰি কয়, "তেহৰিক-ই-ইনচাফৰ উপাধ্যক্ষ মখদুম শ্বাহ মেহমুদ কুৰেশ্বিক ইছলামাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অজ্ঞাত স্থানলৈ স্থানান্তৰ কৰিছে (Shah Mehmood Qureshi Arrested) ।"
পাকিস্তানৰ বাতৰিকাকত দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ মতে (Express Tribune news on Qureshi), বুধবাৰে আবেলি কুৰেশ্বিক গ্ৰেপ্তাৰৰ চেষ্টা চলোৱা হয় যদিও তাত আৰক্ষী বিফল হয় । পিছত পিটিআই নেতাজনক ইছলামাবাদৰ গিলগিট-বাল্টিস্তান হাউছৰ পৰা আৰক্ষীয়ে নিজৰ জিম্মাত লয় । কুৰেশ্বিক আৰক্ষীয়ে পঞ্জাব আৰু খাইবাৰ পাখতুনখোৱাত হোৱা সংঘৰ্ষ আৰু অগ্নিসংযোগৰ অভিযোগত বিচাৰি আছিল ।
ইফালে গ্ৰেপ্তাৰৰ পূৰ্বে কুৰেশ্বিয়ে পিটিআই কৰ্মীসকলক দেশত প্ৰকৃত স্বাধীনতাৰ বাবে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিবলৈ আহ্বান জনায় । এক বাৰ্তাত তেওঁ কয় যে ইয়াৰ বাবে তেওঁৰ কোনো অনুশোচনা নাই । কিয়নো তেওঁ একো ভুল কৰা নাই । আনহাতে, পিটিআই নেতাজনে দলৰ অধ্যক্ষ ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছত উদ্ভৱ হোৱা শেহতীয়া হিংসাত্মক প্ৰতিবাদত ৫০ জন লোক হতাহত হোৱাৰ বাবেও শোক প্ৰকাশ কৰে (violence after Imran Khan arrest) ।
তেওঁ উল্লেখ কৰে যে এটা সাৰ্থক কাৰণৰ বাবে ত্যাগৰ প্ৰয়োজন আৰু পিটিআই আৰু ইয়াৰ কৰ্মীসকলে এনে এক যোগ্য কাৰণৰ বাবে তেওঁলোকৰ কাম অব্যাহত ৰাখিব । তেওঁ পিটিআই কৰ্মীসকলক প্ৰকৃত স্বাধীনতাৰ বাবে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিবলৈ আৰু ইমৰাণ খান মুক্ত নোহোৱালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনায় ।