ইণ্টাৰনেশ্যনেল ডেস্ক,৮ অক্টোবৰ :বহু দশক ধৰি ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষ অব্যাহত আছে । কিন্তু তাৰ মাজতে শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হামাছৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পেলেষ্টাইনক 'নিৰ্জন দ্বীপ' লৈ পৰিণত কৰাৰ ভাবুকি দিছে । সেই ভাবুকিৰ পাছতে গাজাত বৃহৎ আক্ৰমণৰ আশংকা বৃদ্ধি পাইছে । শনিবাৰৰ ভয়ংকৰ আক্ৰমণৰ পাছত এই আশংকা আৰু বৃদ্ধি পাইছে ।
শনিবাৰে গাজা শাসন কৰা হামাছ বন্দুকধাৰীসকলে ইজৰাইলৰ চহৰসমূহত আক্ৰমণ কৰে । হামাছ সন্ত্ৰাসবাদীৰ গুলীচালনাত কমেও ২৫০ গৰাকী লোক নিহত হয় । প্ৰত্যুত্তৰত ইজৰাইলী সামৰিক বাহিনীয়ে অভিযান আৰম্ভ কৰে । য'ত গাজাত ২৩০ জনতকৈও অধিক পেলেষ্টাইনী নিহত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলী বাহিনীয়ে এতিয়াও গাজাত বোমাৰে আক্ৰমণ কৰি আছে আৰু দেওবাৰে পুৱতি নিশা দক্ষিণ ইজৰাইলৰ কিছু অংশত হামাছৰ বন্দুকধাৰীসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে সেনা বাহিনী । সামৰিক বাহিনীৰ এগৰাকী মুখপাত্ৰই কোৱা মতে দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত আছে । আনহাতে হামাছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দশকজুৰি পেলেষ্টাইনীসকলৰ বিৰুদ্ধে ইজৰাইলৰ অত্যাচাৰৰ প্ৰতিক্ৰিয়াস্বৰূপে এই আক্ৰমণ আছিল ।