ইণ্টাৰনেচনেল ডেস্ক, ২৭ জুলাই :পাকিস্তানৰ আগশাৰীৰ বিমান সেৱা কোম্পানী পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছৰ (পিআইএ) একাউণ্ট ফ্ৰীজ কৰা হৈছে । এআৰআই নিউজৰ প্ৰতিবেদন অনুসৰি, পাকিস্তানী বিমান সংস্থাটোৱে ২ বিলিয়নতকৈ অধিক টকা (পাকিস্তানী মুদ্ৰাত) কৰ পৰিশোধ কৰা নাই । যাৰ বাবে ফেডাৰেল বোৰ্ড অব ৰেভিনিউয়ে (এফবিআৰ) এই পদক্ষেপ গ্ৰহণ কৰিছে । যোৱা বছৰ জানুৱাৰীত এফবিআৰে পিআইএৰ ৫৩ টা বেংক একাউণ্ট ফ্ৰীজ কৰিছিল । সেই সময়ত ইয়াৰ পৰিমাণ আছিল ২৬ বিলিয়ন টকা ।
অৱশ্যে পিআইএয়ে এফবিআৰক আশ্বাস দিছিল যে কোম্পানীটোৱে সোনকালেই তেওঁলোকৰ কৰ পৰিশোধ কৰিব । যাৰ ফলত উক্ত বন্ধ কৰা একাউণ্টবোৰ পুনৰ ঘূৰাই দিছিল । সূত্ৰঅনুসৰি, পিআইএৰ এফবিআৰৰ ওচৰত প্ৰায় ২.৮ বিলিয়ন টকাৰ কৰ পৰিশোধ কৰিবলগা আছে । অৱশ্যে পাক সংবাদপত্ৰ ডনৰ প্ৰতিবেদন অনুসৰি, এয়াৰলাইনছটোৱে দাবী কৰিছে যে তেওঁলোকৰ বকেয়া কৰ প্ৰায় ১.৩ বিলিয়ন টকা ।
এআৰআই নিউজে লগতে জনাইছে যে কেৱল পাকিস্তানী এয়াৰলাইনছৰ একাউণ্টেই ফ্ৰীজ কৰা হোৱা নাই, পাকিস্তান ষ্টেট অইলে (পিএছঅ') তিনিখন পিআইএ বিমানৰ বাবে ইন্ধন যোগান ধৰিবলৈও অস্বীকাৰ কৰিছে । যাৰ বাবে পিকে-৩০৯ ইছলামাবাদ-কৰাচী, পিকে-৩৩০ কৰাচী-মুলতান আৰু পিকে-৭৩৯ মুলতান-জেড্ডাৰ ধৰি নিৰ্ধাৰিত বিমান চলাচল ব্যাহত হৈ আছে ।