নিউজ ডেস্ক, ২৭ অক্টোবৰ : তৃতীয় ত্ৰৈমাসিকত মেটাৰ (Meta) ব্যাপক বিজ্ঞাপন ব্যয়ৰ মন্দাৱস্থাৰ বাবে বছৰটোত 4 শতাংশ ৰাজহ লোকচান হৈছে (4 per cent revenue loss by Meta) । আনহাতে, ৱাল ষ্ট্ৰীটৰ এষ্টিমেটবোৰ (Wall Street estimates) নিম্নশাৰীলৈ অৱনমিত হোৱাত গুৰুত্বপূৰ্ণ মেটাভাৰ্চ বিনিয়োগে (metaverse investments) উপাৰ্জনত উজুতি খোৱাটো অব্যাহত আছিল । বিভিন্ন প্ৰতিবেদনে এই কথা প্ৰকাশ কৰিছে । প্ৰতিষ্ঠানটোৱে কয় যে ইয়াৰ ফ্লেগশ্বিপ ফেচবুক এপটোৰ (Facebook app) তৃতীয় ত্ৰৈমাসিকত গড়ে 1.984 বিলিয়ন দৈনিক সক্ৰিয় ব্যৱহাৰকাৰী আছিল, যিটো আগৰ তিনিমাহৰ তুলনাত প্ৰায় 16 নিযুত অধিক ।
ফেচবুক ডিএইউ (Facebook DAUs) পূৰ্বতে 2021 চনৰ চতুৰ্থ ত্ৰৈমাসিকত প্ৰায় 1 নিযুত হ্ৰাস পাইছিল । ভেৰাইটিৰ মতে, মেটাই তৃতীয় ত্ৰৈমাসিকৰ বাবে মুঠ ৰাজহ 27.71 বিলিয়ন আমেৰিকান ডলাৰ আৰু মুঠ উপাৰ্জন 4.4 বিলিয়ন আমেৰিকান ডলাৰ বুলি জনাইছে, যিটো বছৰত 52 শতাংশ হ্ৰাস পাইছে আৰু ৱাল ষ্ট্ৰীটৰ অনুমানতকৈ কম ।
ভেৰাইটিয়ে ৰিফাইনিটিভ তথ্যৰ উদ্ধৃতি দি কৈছে, বিশ্লেষকসকলে 27.38 বিলিয়ন আমেৰিকান ডলাৰৰ ৰাজহ আশা কৰিছিল । এলফাবেট (Alphabet, গুগল আৰু ইউটিউবৰ অভিভাৱক) আৰু স্নেপ (Snap) দুয়োটায়ে তৃতীয় ত্ৰৈমাসিকত উপাৰ্জনৰ লোকচানৰ প্ৰতিবেদন দিছে । ইয়াৰ কাৰণ হৈছে এই সময়ছোৱাত বিজ্ঞাপন ব্যয়ৰ অৱনতি । অৱশ্যে মেটাই চতুৰ্থ ত্ৰৈমাসিকৰ বাবে ৰাজহ হ্ৰাস হোৱাৰ ভৱিষ্যদ্বাণী কৰিছে, যাৰ ফলত 30 বিলিয়ন আমেৰিকান ডলাৰৰ বিক্ৰী 32.5 বিলিয়ন আমেৰিকান ডলাৰ হ'ব বুলি অনুমান কৰা হৈছে । যিটো পূৰ্বৰ বছৰৰ তুলনাত 3.5 শতাংশৰ পৰা 11 শতাংশ হ্ৰাস ।