ইন্টাৰনেশ্যনেল ডেস্ক, 18 জানুৱাৰী :থাইলেণ্ডত ভয়ংকৰ ঘটনা ৷ এটা আতচবাজী কাৰখানাত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা ৷ ফলত 22 জনকৈ লোক নিহত হৈছে বুলি জানিব পৰা গৈছে ৷ বেংকক পোষ্টৰ বাতৰি অনুসৰি, বুধবাৰে থাইলেণ্ডৰ মুয়াং জিলাৰ তাম্বন চালাখাওৰ মৌ 3 গাঁৱত বুধবাৰে বিয়লি প্ৰায় 3:30 বজাত (স্থানীয় সময়অনুসৰি) বিস্ফোৰণটো সংঘটিত হয় ৷ এই ঘটনাত অতি কমেও 22 জন লোক নিহত হয় আৰু বৰ্তমানেও প্ৰায় 10 জন লোক সন্ধানহীন হৈ আছে ৷
আনহাতে, নিহতসকলৰ 20 জনৰ মৃত লোকক চিনাক্ত কৰা হৈছে । স্থানীয় ৰাইজৰ মতে, প্ৰায় 20 জন শ্ৰমিক পুৱাৰ পৰা কাৰখানাত কাম কৰি আছিল ৷ বিস্ফোৰণৰ পিচত তেওঁলোকে কাকো ওলাই অহা দেখা নাছিলো বুলি স্থানীয় ৰাইজে উল্লেখ কৰে ৷
বেংকক পোষ্টৰ বাতৰি অনুসৰি, কাৰখানাটো এটা ফাৰ্ম হাউচৰ পৰা চলি আছিল ৷ য'ত আতচবাজীৰ বাবে বাৰুদ আৰু অন্যান্য কেঁচা সামগ্ৰী সংৰক্ষণ কৰা হৈছিল । কি কাৰণে বিস্ফোৰণ হ’ল কাৰখানাটোত সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে কাৰখানাটোৰ কৰ্তৃপক্ষই ।