অসম

assam

ETV Bharat / international

China new Map controversy: চীনৰ বিৰুদ্ধে নেপালত প্ৰতিবাদ; কিন্তু কিয়-বিশ্লেষণ - কাঠমাণ্ডু

চীনৰ বিৰুদ্ধে শেহতীয়াকৈ নেপালত আৰম্ভ হৈছে প্ৰতিবাদ ৷ চীনে নতুন ৰাজনৈতিক মানচিত্ৰ প্ৰকাশ কৰাৰ পাছতেই নেপালত এই প্ৰতিবাদ আৰম্ভ হৈছে ৷ কিন্তু কিয় ? সৱিশেষ এই প্ৰতিবেদনত ৷

China new Map controversy
China new Map controversy

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 10:45 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 21 ছেপ্টেম্বৰ: ভাৰতৰ লগতে চুবুৰীয়া আন দেশৰ ভূখণ্ড নিজৰ বুলি দাবী কৰি চীনে ইতিমধ্যেই প্ৰকাশ কৰিছে নতুন মানচিত্ৰ ৷ ইয়াৰ বিৰুদ্ধে এতিয়া নেপালত আৰম্ভ হৈ প্ৰতিবাদ ৷ অৱশ্যে চীনে নেপালৰ ভূখণ্ড নিজৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা নাই ৷ নেপালী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কাঠমাণ্ডুৰ মেয়ৰ বালেন শ্বাহে পাঁচ দিনীয়া চীন ভ্ৰমণ বাতিল কৰাৰ পাছতে নেপাল ছাত্ৰ সন্থাই কাঠমাণ্ডুত চীনা দূতাবাসৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । কিন্তু কিয় হৈছে প্ৰতিবাদ ?

বেইজিঙে 28 আগষ্টত এটা নতুন ‘মানচিত্ৰ’ মুকলি কৰিছে য’ত ভাৰতীয় অঞ্চল অৰুণাচল প্ৰদেশ আৰু আকছাই চিনক চীনৰ ভূখণ্ডৰ অংশ হিচাপে দেখুওৱা হৈছিল । যদিও এইটো একো নতুন কথা নহয়, তথাপিও নতুন দিল্লীয়েও চীনৰ ওচৰত চৰকাৰীভাৱে প্ৰতিবাদ কৰিছে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এক বিবৃতিত কয়, ‘‘আমি আজি চীনৰ তথাকথিত 2023 চনৰ মানচিত্ৰ সন্দৰ্ভত চীনৰ পক্ষৰ সৈতে কূটনৈতিক মাধ্যমৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ কৰিছো ৷ আমি চীনৰ এই দাবীসমূহ অস্বীকাৰ কৰিছো কিয়নো চীনৰ কোনো ভিত্তি নাই ৷ চীনৰ পক্ষৰ এনে পদক্ষেপে কেৱল সীমা সমস্যাৰ সমাধান প্ৰক্ৰিয়া জটিল কৰি তোলে ।’’

অৱশ্যে, এইবাৰ নতুন কথাটো হ’ল চীনা ভূখণ্ডৰ অংশ হিচাপে দক্ষিণ চীন সাগৰত নাইন-ডেছ লাইন (Nine-Dash Line) অন্তৰ্ভুক্ত কৰা ৷ দক্ষিণ চীন সাগৰত কেইবাখনো দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰৰ সৈতে আঞ্চলিক বিবাদত জড়িত হৈ আছে । নতুন মানচিত্ৰখন মুকলি হোৱাৰ পিছত মালয়েছিয়া, ফিলিপাইনছ, ভিয়েটনাম আৰু টাইৱান সকলোৱে আনুষ্ঠানিকভাৱে তেওঁলোকৰ প্ৰতিবাদত মাত মাতিছে । কিন্তু, নেপালৰ মানুহেও চীনৰ মানচিত্ৰৰ বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিছে ?

ইয়াৰ বিষয়ে বুজিবলৈ আমি 2020 চনলৈ ঘূৰি যাব লাগিব ৷ 2020 চনত নেপালৰ কেপি অলি চৰকাৰে দেশখনৰ এখন নতুন ৰাজনৈতিক মানচিত্ৰ মুকলি কৰিছিল ৷ নেপালে দাবী কৰা ভাৰতৰ অঞ্চল কালাপানী, লিপুলেখ আৰু লিম্পিধুৰা অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰি ভাৰতে 2019 চনৰ নৱেম্বৰত একপক্ষীয়ভাৱে এক নতুন ৰাজনৈতিক মানচিত্ৰ মুকলি কৰাৰ পিছত, অলি চৰকাৰে 2020 চনৰ মে’ মাহত তিনিটা ক্ষেত্ৰ অন্তৰ্ভুক্ত কৰি নেপালৰ নতুন মানচিত্ৰ উন্মোচন কৰে ৷

কাঠমাণ্ডুৰ এটা সূত্ৰই ইটিভি ভাৰতক ব্যাখ্যা কৰি কয়, ‘‘যদি আপুনি নেপালৰ নতুন ৰাজনৈতিক মানচিত্ৰখন প্ৰত্যক্ষ কৰে তেন্তে দেশৰ উত্তৰ-পূব কোণলৈ এটা আঙুলি ওলাই আছে । চীনে ইয়াৰ নতুন মানচিত্ৰত এই অঞ্চলটো উপেক্ষা কৰিছে আৰু নেপালৰ পুৰণি মানচিত্ৰকে প্ৰকাশ কৰিছে ৷’’

যদিও নেপালে এতিয়ালৈকে চীনৰ ওচৰত আনুষ্ঠানিকভাৱে প্ৰতিবাদ দাখিল কৰা নাই, কাঠমাণ্ডুৰ মেয়ৰ শ্বাহে এক সামাজিক মাধ্যমৰ পোষ্টত ঘোষণা কৰে যে তেওঁ প্ৰতিবাদত তেওঁৰ নিৰ্ধাৰিত পাঁচদিনীয়া চীন ভ্ৰমণ বাতিল কৰিছে । ফেচবুক আৰু টুইটাৰত শ্বাহে কয়, ‘‘নেপালী ভূখণ্ডক ভাৰতৰ ভূখণ্ড বুলি দেখুওৱাৰ বাবে চীনৰ পদক্ষেপক মই ভুল বুলি বিবেচনা কৰোঁ । সেয়েহে, মই নৈতিক ভিত্তিত চীনৰ আমন্ত্ৰণত পাঁচ দিনীয়া ভ্ৰমণ আৰম্ভ নকৰাৰ সিদ্ধান্ত লৈছো ।’’

নেপাল কংগ্ৰেছৰ ছাত্ৰ শাখা নেপাল ষ্টুডেণ্ট ইউনিয়নেও বৃহস্পতিবাৰে কাঠমাণ্ডুত চীনৰ দূতাবাসৰ বাহিৰত চুবুৰীয়াই ইয়াৰ নতুন মানচিত্ৰত নেপালৰ প্ৰকৃত অঞ্চলসমূহক স্বীকৃতি দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । কাঠমাণ্ডু পোষ্টৰ বাতৰি অনুসৰি, প্লেকাৰ্ড লৈ থকা ছাত্ৰ নেতাসকলে উত্তৰ চুবুৰীয়াই ইয়াৰ মানচিত্ৰ সংশোধন কৰাৰ দাবীত শ্ল'গান দিয়ে আৰু তেওঁলোকৰ দাবীৰ সৈতে চীনা দূতাবাসক এখন স্মাৰকপত্ৰও দাখিল কৰে ।

ইফালে, নেপালৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে তেওঁলোকে মানচিত্ৰৰ ক্ষেত্ৰত উদ্ভৱ হোৱা পৰিস্থিতিটো ভালদৰে পৰ্যৱেক্ষণ কৰিছে ৷ কিন্তু তেওঁলোকে চৰকাৰৰ স্থিতি ৰাজহুৱা কৰিবলৈ খৰধৰ নকৰে ।

‘‘প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালৰ নিৰ্ধাৰিত চীন ভ্ৰমণৰ ঠিক আগতে মানচিত্ৰখন প্ৰকাশ পাইছে ৷ সেয়েহে আমি বিষয়টোক লৈ অধিক ক’ব বিচৰা নাই ৷ কিন্তু নতুন মানচিত্ৰ মুকলি কৰাৰ আগতে তদানীন্তন অলি চৰকাৰে চীনৰ সৈতে যোগাযোগ কৰিছিল নে নাই সেয়া নিশ্চিত কৰাৰ পিছত আমি নিশ্চিতভাৱে ইয়াৰ ওপৰত আলোকপাত কৰিম,’’ কাঠমাণ্ডু পোষ্টে বিষয়াজনৰ উদ্ধৃতি দি কয় ৷

নেপালৰ তথ্য আৰু যোগাযোগ মন্ত্ৰী ৰেখা শৰ্মাই (চৰকাৰী মুখপাত্ৰ) কয় যে চীন চৰকাৰৰ সৈতে মানচিত্ৰখন আলোচনা কৰাৰ পিছত চৰকাৰে নিজৰ স্থিতি ৰাজহুৱা কৰিব । ‘‘আমি বিষয়টো সমাধানৰ বাবে কূটনীতিৰ আশ্ৰয় ল’ম ৷ আমাৰ চৰকাৰী মানচিত্ৰ এটা সূক্ষ্মভাৱে প্ৰস্তুত কৰা হৈছে আৰু ইয়াক সংসদৰ দ্বাৰা সৰ্বসন্মতভাৱে সমৰ্থন কৰা হৈছে ৷ আমি তেওঁলোকক (চীনক) সুধিম যে তেওঁলোকে আমাৰ নতুন মানচিত্ৰ ব্যৱহাৰ কৰাৰ পৰা কিয় বিৰত আছিল,’’ শৰ্মাৰ উদ্ধৃতি দি কাঠমাণ্ডু পোষ্টে কয় ৷

বিষয়টো সন্দৰ্ভত সোধাত নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব সেৱা লামচালে কয়,‘‘আমি পৰিস্থিতিটোৰ বিষয়ে অৱগত । কিন্তু এইটো এটা অতি সংবেদনশীল বিষয় ৷ সেয়েহে, আমি আমাৰ স্থিতি প্ৰকাশ কৰিবলৈ বিষয়টো অধ্যয়ন কৰি আছো । বিষয়টো ৰাষ্ট্ৰীয় চিন্তাৰ বিষয় । সেয়েহে, আমি আমাৰ স্থিতি বুজিবলৈ চেষ্টা কৰি আছোঁ । কিন্তু বৰ্তমান সময়ৰ বাবে, এই বিষয়ত আমাৰ বিশেষ ক'বলৈ নাই ।’’

লামচালে লগতে কয় যে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কুমাৰ দাহালৰ শীঘ্ৰেই চীন ভ্ৰমণৰ সময়ত, মানচিত্ৰৰ বিষয়টো সম্ভৱতঃ ‘‘আলোচনাৰ অন্যতম মুখ্য বিষয়’’ হ’ব ৷ বিষয়টো কাঠমাণ্ডুৰ চিন্তাৰ কাৰণ হৈ পৰাৰ কাৰণ হ’ল ইয়াৰ দক্ষিণ চুবুৰীয়া বা উত্তৰ চুবুৰীয়াই নেপালৰ নতুন ৰাজনৈতিক মানচিত্ৰক সমৰ্থন কৰা নাই ৷

লগতে পঢ়ক:Pakistan Economic Crisis : পাকিস্তানত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৩০৫ টকা; ডিজেলৰ মূল্য ৩১১ টকালৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details