ইণ্টাৰনেশ্যনেল ডেস্ক,২১ ডিচেম্বৰ :টুইটাৰ ক্ৰয় কৰাৰ পাছৰে পৰা চৰ্চাত আছে টেছলাৰ মুৰব্বী এলন মাস্ক । টুইটাৰৰ মুৰব্বী হোৱাৰ পাছৰে পৰা একপ্ৰকাৰ মাইক্ৰ'ব্ল'গিং ছাইটটোৰ বিভিন্ন পৰিৱৰ্তন আনিছে মাস্কে (Musk decision on twitter)। কিছুমান কঠোৰ সিদ্ধান্তও লোৱা দেখা গৈছে যিবোৰে বিশ্বজুৰি চৰ্চা লাভ কৰিছে । সম্প্ৰতি পুনৰ চৰ্চা লাভ কৰিছে মাস্কে ।
এইবাৰ তেওঁৰ মুৰব্বী পদ ত্যাগ কৰাক লৈ চৰ্চা চলিছে (Elon Musk resign controversy)। বহুতে দাবী কৰা মতে শীঘ্ৰে টুইটাৰৰ মুৰব্বীৰ পদ ত্যাগ কৰিব মাস্কে । এই সন্দৰ্ভত চৰ্চা চলি থকাৰ মাজতে মাস্কৰ এক টুইটাৰত পুনৰ আলোড়নৰ সৃষ্টি হৈছে । মঙলবাৰে মাস্কে উল্লেখ কৰা মতে প্ৰতিষ্ঠাপন বিচাৰি পোৱাৰ পাছতে তেওঁ টুইটাৰৰ মুখ্য কাৰ্যবাহী পদ ত্যাগ কৰিব ।
তেওঁ টুইটাৰত উল্লেখ কৰা মতে দায়িত্ব ল'ব পৰা এজন মুৰ্খ বিচাৰি পালেই তেওঁ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰিব ! তাৰ পাছত, মাস্কে কেৱল ছফ্টৱেৰ আৰু চাৰ্ভাৰ দলবোৰহে চলাব বুলি উল্লেখ কৰে মাস্ক । প্ৰথমবাৰৰ বাবে মাস্কে এনেদৰে সামাজিক মাধ্যমত টুইটাৰৰ মুৰব্বী পদ ত্যাগ কৰাৰ কথা উল্লেখ কৰিছে । ইফালে জৰীপৰ ফলাফলৰ পাছতে এলন মাস্কে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে (Elon Musk starts poll on twitter)। মাস্কৰ এই টুইটৰ পাছতে এতিয়া সৰ্বত্ৰে বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।