ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ আগষ্ট :ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰিপাব্লিকান প্ৰাইমাৰীত ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে ভাৰতীয়মূলৰ বিবেক ৰামাস্বামী । এই বিশেষ সময়ত এলন মাস্কে বৃহস্পতিবাৰে ভাৰতীয়-আমেৰিকান নেতাগৰাকীক প্ৰশংসা কৰে । ৰামাস্বামীক অতি বিশ্বাসযোগ্য প্ৰাৰ্থী বুলি অভিহিত কৰে মাস্কে । জনপ্ৰিয় সাংবাদিক তাকাৰ কাৰ্লছনৰ সৈতে ৰামাস্বামীৰ সাক্ষাৎকাৰৰ কথা উল্লেখ কৰি এক্সত এলন মাস্কে প্ৰশংসা কৰে ।
ইফালে, ৰামস্বামীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিজৰ স্থিতি পোনপটীয়াকৈ স্পষ্ট কৰিছে । তেওঁ চীনক আমেৰিকা যুক্তৰাষ্ট্ৰই সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ ভাবুকি বুলি অভিহিত কৰিছে আৰু কয় যে যদি তেওঁ ক্ষমতালৈ আহে তেন্তে তেওঁ বেইজিঙৰ সৈতে মোকাবিলা কৰিব ।
প্ৰচাৰৰ সময়ত ৰিপাব্লিকান নেতাগৰাকীয়ে কৈছে যে তেওঁ প্ৰশান্ত মহাসাগৰত বাণিজ্যত সম্পূৰ্ণৰূপে পুনৰ প্ৰৱেশ কৰা আৰু ভাৰত, জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিব ৷ ইয়াৰ পূৰ্বে এক সাক্ষাৎকাৰত ৰামাস্বামীয়ে কৈছিল যে ঝি জিনপিং হৈছে এগৰাকী অনন্য নেতা আৰু চীন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰই সন্মুখীন হোৱা শীৰ্ষ ভাবুকি । তেওঁ ভাবে চীনৰ পৰা অৰ্থনৈতিক স্বাধীনতা মুকলি কৰাৰ বাবে এক স্পষ্ট পথ ঘোষণা কৰাৰ ক্ষেত্ৰত তেওঁ আটাইতকৈ স্পষ্ট প্ৰাৰ্থী । এয়া তেওঁৰ নীতিৰ প্ৰথম পদক্ষেপ হ'ব বুলিও উল্লেখ কৰিছিল ।