নেশ্যনেল ডেস্ক,17 আগষ্ট:ব্ৰিটিছ ফুটবল ক্লাব মানচেষ্টাৰ ইউনাইটেড ক্ৰয় কৰিবলৈ মন মেলিছে টুইটাৰৰ গৰাকী এলন মাস্কে(Elon Musk says buying British football club Manchester United) ৷ টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে টুইটযোগে এই কথা জানিবলৈ দিয়ে ৷ অৱশ্যে বৰ্তমানলৈ কিংবদন্তী ফুটবল দলটো অধিগ্ৰহণ কৰাৰ বাবে মাস্কে কিমান পৰিমাণৰ ধন বিনিয়োগ কৰিব সেই কথা স্পষ্ট কৰা নাই । ক্লাবটোৰ শেহতীয়া বজাৰ মূল্য প্ৰায় ২.০৮ বিলিয়ন ডলাৰ ।
'আপোনালোকলৈ স্বাগতম, মই মানচেষ্টাৰ ইউনাইটেড ক্ৰয় কৰিবলৈ আগবাঢ়িছো ' এটা টুইট যোগে এলন মাস্কে এনেদৰে ঘোষণা কৰে ৷ অৱশ্যে ঘোষণাটো মাস্কে কিমান গুৰুত্ব সহকাৰে কৰিছিল সেয়া এতিয়াও স্পষ্ট হৈ উঠা নাই ৷ উল্লেখ্য যে বৰ্তমানে আমেৰিকাৰ গ্লেজাৰ পৰিয়ালৰ মালিকানাধীন হৈ থকা ক্লাবটো গ্লেজাৰ পৰিয়ালে ২০০৫ চনত প্ৰায় ৭৯ কোটি পাউণ্ডৰ বিনিময়ত ক্ৰয় কৰিছিল ।