অসম

assam

ETV Bharat / international

New Twitter CEO : টুইটাৰৰ নতুন চিইঅ' লিণ্ডা য়াকাৰিনো, নিশ্চিত কৰিলে এলন মাস্কে - Elon Musk confirms new Twitter CEO Linda Yaccarino

এলন মাস্কে শুকুৰবাৰে নিশ্চিত কৰে যে এনবিচি ইউনিভাৰ্চেলৰ গ্লোবেল এডভাৰ্টাইজিং এণ্ড পাৰ্টনাৰশ্বিপৰ অধ্যক্ষ লিণ্ডা য়াকাৰিনোৱে টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিব (new Twitter CEO Linda Yaccarino) ।

New Twitter CEO
New Twitter CEO

By

Published : May 13, 2023, 12:56 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১৩ মে' :এনবিচি ইউনিভাৰ্চেলৰ (NBC Universal) গ্লোবেল এডভাৰ্টাইজিং এণ্ড পাৰ্টনাৰশ্বিপৰ (Global Advertising and Partnerships) অধ্যক্ষ লিণ্ডা য়াকাৰিনোৱে টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিব । শুকুৰবাৰে এলন মাস্কে এই কথা নিশ্চিত কৰিছে । "টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে লিণ্ডা য়াকাৰিনোক স্বাগতম জনাই মই উৎসাহিত ! তেওঁ মুখ্যত ব্যৱসায়িক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিব । আনহাতে, মই সামগ্ৰীৰ ডিজাইন আৰু নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিম ।" মাস্কে এটা নতুন টুইটত এনেদৰে পোষ্ট কৰিছে (Elon Musk confirms new Twitter CEO Linda Yaccarino) ।

তেওঁ লগতে কয়, "এই প্লেটফৰ্মটো সকলো এপ X-লৈ ৰূপান্তৰ কৰিবলৈ লিণ্ডাৰ সৈতে কাম কৰাৰ বাবে অপেক্ষা কৰি আছোঁ ।" বৰ্তমান মাস্কৰ ভূমিকা কাৰ্যবাহী আসন আৰু চিটিঅ' অৰ্থাৎ 'সামগ্ৰী, ছফ্টৱেৰ আৰু ছিষ্টেম কাৰ্যকলাপৰ তত্ত্বাৱধায়ক' হিচাপে পৰিৱৰ্তন হ'ব । উল্লেখ্য, যোৱা বছৰৰ শেষৰ ফালে মাস্কে 44 বিলিয়ন ডলাৰৰ এই সম্পত্তি অধিগ্ৰহণ কৰাৰ পিছত মাস্কে টুইটাৰৰ কৰ্মচাৰী ব্যাপক ভাৱে বৰ্খাস্ত কৰিছিল । আনহাতে, ইয়াকাৰিনোৱেও তেওঁৰ কাৰ্যকালত প্ৰায় 2,000 কৰ্মচাৰীৰ কৰ্ম কৰ্তন কৰিছিল (Elon Musk appointed new Twitter CEO)।

উল্লেখ্য যে তেওঁৰ দলটোৱে এনবিচি ইউনিভাৰ্চেলৰ ষ্ট্ৰীমিং সেৱা পিককৰ বাবে বিমুদ্ৰাকৰণ ৰণনীতি তদাৰক কৰে । ইয়াকাৰিনোৰ দলটোৱে বিজ্ঞাপন বিক্ৰীতো 100 বিলিয়ন ডলাৰতকৈও অধিক উপাৰ্জন কৰিছে আৰু তেওঁৰ বায়' অনুসৰি এপ'ল, স্নেপচাট, বাজফিড, টুইটাৰ আৰু ইউটিউবকে ধৰি কোম্পানীবোৰৰ সৈতে অংশীদাৰিত্বত প্ৰৱেশ কৰিছে ।

যোৱা বছৰ এটা টুইটাৰ জৰীপত মাস্কে তেওঁৰ লাখ লাখ ফল'ৱাৰ্ছক এনেদৰে সুধিছিল : "মই টুইটাৰৰ মুৰব্বীপদ ত্যাগ কৰা উচিত নেকি ?" "মই এই নিৰ্বাচনৰ ফলাফল মানি চলিম ।" তেওঁ লগতে পোষ্ট কৰিছিল । জৰীপটোত 17 নিযুততকৈও অধিকে ভোটদান কৰিছিল আৰু 57.5 শতাংশ উত্তৰদাতাই তেওঁক আঁতৰি যাবলৈ আহ্বান জনাইছিল । অৱশ্যে তাৰ পিছতো মাস্কে পদত্যাগ কৰা নাছিল ।

লগতে পঢ়ক :Israeli Palestinian conflict : গাজাত পেলেষ্টাইনৰ উগ্ৰপন্থীৰ বিৰুদ্ধে ইজৰাইলৰ অভিযান

ABOUT THE AUTHOR

...view details