অসম

assam

Death sentence: ভাৰতীয় নৌসেনাৰ আঠ প্ৰাক্তন বিষয়াক মৃত্যুদণ্ড

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 8:22 PM IST

মৃত্যুদণ্ডৰ শাস্তি বিহা হৈছে ভাৰতীয় নৌসেনাৰ ৮ গৰাকী প্ৰাক্তন বিষয়াক ৷ এই বিষয়াসকলে কাটাৰৰ সশস্ত্ৰ বাহিনীক প্ৰশিক্ষণ আৰু আনুষংগিক সেৱা প্ৰদান কৰা ব্যক্তিগত প্ৰতিষ্ঠান ডাহৰা গ্ল’বেল টেকন’লজিছ এণ্ড কনছালটেন্সি চাৰ্ভিচেছৰ বাবে কাম কৰিছিল ।

Death sentence
Death sentence

নিউজ ডেস্ক, 26 অক্টোবৰ :কাটাৰত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা ভাৰতীয় নৌসেনাৰ ৮ গৰাকী প্ৰাক্তন বিষয়াৰ বিৰুদ্ধে ইজৰাইলৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ । আঠজন লোকে কাটাৰৰ সশস্ত্ৰ বাহিনীক সহায় কৰা এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল আৰু ইয়াৰ ভিতৰত আছিল এসময়ত ভাৰতীয় যুদ্ধজাহাজৰ কমাণ্ড কৰা সুসজ্জিত বিষয়াসকল ।

২০২২ চনৰ আগষ্ট মাহত চোৰাংচোৱাগিৰিৰ অভিযোগত অৱসৰপ্ৰাপ্ত বিষয়াসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰাংচোৱাগিৰি আৰু ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদৰ অভিযোগ উত্থাপন হৈছিল । খবৰ অনুসৰি এই আঠজন লোকে গোপন নৌসেনাৰ প্ৰকল্পত কাটাৰৰ বাবে চোৰাংচোৱাগিৰি কৰিছিল ।

দোষী সাব্যস্ত হোৱা লোক কেইজন হৈছে কেপ্তেইন নৱতেজ সিং গিল, কেপ্তেইন বীৰেন্দ্ৰ কুমাৰ বাৰ্মা, কেপ্তেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কমাণ্ডাৰ সুগুনাকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা আৰু নাৱিক ৰাগেশ গোপাকুমাৰ । তেওঁলোকে ডাহৰা গ্ল’বেল টেকন’লজিছ এণ্ড কনছালটেন্সি চাৰ্ভিচেছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল ৷ যিয়ে কাটাৰৰ সশস্ত্ৰ বাহিনীৰ বাবে প্ৰশিক্ষণ আৰু অন্যান্য সেৱা আগবঢ়াইছিল ।

এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই ৰায়দানত তেওঁলোক স্তম্ভিত হৈ পৰিছে আৰু এই বিষয়টো কাটাৰ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব ।

বঁটা বিজয়ী কমাণ্ডাৰ:

যোৱা বছৰ ডোহাত গ্ৰেপ্তাৰ হোৱা লোককেইজনে ইজৰাইলৰ বাবে কাটাৰৰ উন্নত ছাবমেৰিনত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছে । এই চাবমেৰিনবোৰত বিশেষ সামগ্ৰীৰে আৱৰণ দিয়া হৈছিল যিয়ে ইয়াৰ গোপন কাৰ্যক্ষমতা বৃদ্ধি কৰিছিল, যিটো বিশ্বৰ যিকোনো নৌসেনাৰ বাবে মূল্যৱান । খবৰ অনুসৰি ইটালীৰ এটা জাহাজ নিৰ্মাণ প্ৰতিষ্ঠানৰ সহযোগত এই চাবমেৰিন নিৰ্মাণ কৰা হৈছিল ।

২০১৯ চনত কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰীক বহিঃৰাষ্ট্ৰত থকা ভাৰতীয়ক প্ৰদান কৰা সৰ্বোচ্চ সন্মান ‘‘প্ৰবাসী ভাৰতীয় সন্মানে’’ৰে সন্মানিত কৰা হয় । সেই সময়ত দোহাত থকা ভাৰতীয় দূতাবাসে এটা পোষ্টত উল্লেখ কৰিছিল যে বহিঃৰাষ্ট্ৰত ভাৰতৰ ভাবমূৰ্তি বৃদ্ধি কৰাৰ বাবে কমাণ্ডাৰ তিৱাৰীক এই বঁটা প্ৰদান কৰা হৈছে ।

দূতাবাসে কয়, "কাটাৰ আমিৰি নৌসেনাৰ বাবে সামৰ্থ বিকাশৰ দিশত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হৈছে ৷ যাৰ ফলত ভাৰত-কাটাৰ দ্বিপাক্ষিক সহযোগিতাক প্ৰসাৰিত কৰা হৈছে কৈছিল ।’’ কমাণ্ডাৰ তিৱাৰী দহৰা গ্ল’বেল টেকন’লজিছ এণ্ড কনছালটেন্সি চাৰ্ভিচেছৰ পৰিচালন সঞ্চালক আছিল আৰু ভাৰতীয় নৌসেনাৰ অংশ হৈ থকাৰ সময়ত কেইবাখনো যুদ্ধ জাহাজৰ কমাণ্ডাৰ আছিল ।

সকলো বিকল্প অন্বেষণ:

মৃত্যুদণ্ড দিয়া এই আঠজন লোকৰ জামিন আবেদন কেইবাবাৰো নাকচ কৰা হৈছিল আৰু বৃহস্পতিবাৰে কাটাৰৰ প্ৰথম পৰ্যায়ৰ আদালতে তেওঁলোকৰ বিৰুদ্ধে ৰায়দান কৰে । এই ৰায়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয়, "আমি মৃত্যুদণ্ডৰ ৰায়ত স্তম্ভিত হৈছো আৰু বিশদ ৰায়ৰ বাবে অপেক্ষা কৰিছো । আমি পৰিয়ালৰ সদস্য আৰু আইনী দলৰ সৈতে যোগাযোগত আছো, আৰু সকলো আইনী বিকল্প অন্বেষণ কৰি আছোঁ ।"

ইয়াত লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, "আমি এই গোচৰটোক অতি গুৰুত্ব দিছো আৰু ইয়াক নিবিড়ভাৱে অনুসৰণ কৰি আহিছো । আমি সকলো কনছুলাৰ আৰু আইনী সহায় আগবঢ়াই যাম । আমি কাটাৰ কৰ্তৃপক্ষৰ সৈতেও ৰায়দান গ্ৰহণ কৰিম ।"

লগতে পঢ়ক:Cash for query row: ৩১ অক্টোবৰত অগ্নিপৰীক্ষা; নিৰ্দোষিতা প্ৰমাণ কৰিব পাৰিবনে মহুৱাই ?

ABOUT THE AUTHOR

...view details