ইণ্টাৰনেশ্যনেল ডেস্ক, 30 জুলাই: দক্ষিণ আফ্ৰিকাত সংঘটিত হৈছে এক পাশৱিক ঘটনা ৷ বৃহস্পতিবাৰে জোহান্সবাৰ্গৰ পশ্চিমে থকা ক্ৰুগাৰ্ছডৰ্প চহৰৰ উপকণ্ঠত মিউজিক ভিডিঅ’ৰ দৃশ্যগ্ৰহণৰ সময়তেই 20 দুৰ্বৃত্তৰ কামনাৰ বলি হয় 8 গৰাকী মডেল (Eight models raped at S.Africa) ৷
এটা মিউজিক ভিডিঅ’ৰ দৃশ্যগ্ৰহণৰ সময়ত ছেটত অকস্মাতে 20 জনীয়া এটা বন্দুকধাৰী দলে প্ৰৱেশ কৰে ৷ তাৰ পিছতেই ছেটত থকা সকলো কলা কুশলীকে দাবী ধমকি নগ্ন হ’বলৈ নিৰ্দেশ দিয়ে ৷ সকলোৰে লগত থকা টকা পইচাকে ধৰি সকলো সামগ্ৰী লুটি লৈ যায় বন্দুকধাৰী দলটোৱে ৷ ইয়াতেই ক্ষান্ত নাথাকি ভিডিঅ’ত অভিনয় কৰা 8 গৰাকী মডেলক দলবদ্ধভাৱে ধৰ্ষণ কৰে দলটোৱে ৷
জানিব পৰামতে মডেলকেইগৰাকীৰ বয়স 18 ৰ পৰা 35 বছৰ আছিল (Eight models raped during music video shoot)৷ এই ঘটনাৰ পিছতেই দেশখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷