ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ ফেব্ৰুৱাৰী :তুৰস্ক আৰু ছিৰিয়াৰ পাচত এইবাৰ মধ্য এছিয়াৰ তাজিকিস্তানত শক্তিশালী ভূমিকম্প (Earthquake jolts Murghob Tajikistan)। ৬.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল তাজিকিস্তানৰ এটা পাতল জনবসতিপূৰ্ণ অঞ্চল । চীনৰ পশ্চিম জিনজিয়াং অঞ্চলৰ সমীপৰ তাজিকিস্তানত বৃহস্পতিবাৰে পুৱতি নিশা ৬.৮ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি তাজিকিস্তানৰ মুৰ্গোবৰ পৰা ৬৭ কিলোমিটাৰ (৪১ মাইল) পশ্চিমে আৰু সমতলৰ পৰা ২০ কিলোমিটাৰ (১২ মাইল) গভীৰতাত এই ভূমিকম্পৰ উৎপত্তিস্থলী আছিল (Earthquake in Tajikistan)। মুৰ্গোব হৈছে পামিৰ পৰ্বতমালাৰ অন্তৰ্গত মাত্ৰ কেইহাজাৰমান লোকে বাস কৰা জিলা সদৰ ।
স্থানীয় বিষয়াসকলে ৰাজ্যিক সংবাদ মাধ্যমৰ খবৰৰ ভিত্তিত জনাই যে, জিনজিয়াঙৰ কাশগৰ প্ৰিফেকচাৰ আৰু কিজিলচু কিৰগিজ স্বায়ত্তশাসিত অঞ্চলৰ কিছুমান স্থানত সীমান্তৰ সিপাৰে ভূমিকম্পটো শক্তিশালীভাৱে অনুভৱ কৰা গৈছে (Earthquake near China border)। কিন্তু এতিয়ালৈকে কোনো হতাহত বা ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই ।
চীনৰ ভূমিকম্প নেটৱৰ্ক কেন্দ্ৰই কোৱা মতে ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.২ আছিল আৰু ইয়াৰ গভীৰতা আছিল ১০ কিলোমিটাৰ (৬ মাইল) । অৱশ্যে বিভিন্ন সংস্থাৰ তথ্য প্ৰায়ে পৃথক হোৱা দেখা যায় ।