অসম

assam

By

Published : Apr 5, 2023, 8:19 AM IST

Updated : Apr 5, 2023, 8:25 AM IST

ETV Bharat / international

Donald Trump arrested: পৰ্ণ তাৰকাৰে ধনৰ লেনদেন; আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

এগৰাকী পৰ্ণ তাৰকাক ধন পৰিশোধ কৰা গোচৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে শুনানি (Former US president Donald Trump)। নিউয়ৰ্কৰ আদালতৰ এক ঐতিহাসিক শুনানিৰ সন্মুখীন হৈছে ড'নাল্ড ট্ৰাম্প ।

Former US president Donald Trump
নিউয়ৰ্কৰ আদালতৰ ঐতিহাসিক শুনানি

ইন্টাৰনেশ্য়নেল ডেস্ক, ৫ এপ্ৰিল: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে মঙলবাৰে নিউয়ৰ্কৰ আদালতৰ এক ঐতিহাসিক শুনানিৰ বাবে উপস্থিত হয় (New York court hearing )। আমেৰিকাৰ ইতিহাসত অপৰাধমূলক অভিযোগৰ সন্মুখীন হোৱা ড'নাল্ড ট্ৰাম্পেই হৈছে প্ৰথমগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি । এই শুনানি কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হয় (Criminal charges against Donald Trump)।

ড'নাল্ড ট্ৰাম্পে ঐতিহাসিক শুনানিৰ বাবে উপস্থিত হোৱাৰ সময়ত টেলিভিছনৰ সম্প্ৰচাৰত প্ৰতিদ্বন্দী প্ৰতিবাদকাৰীসকলে আদালতৰ বাহিৰত সমদল উলিওৱা পৰিলক্ষিত হয় । প্ৰতিবাদকাৰীসকলে কয় যে এই শুনানিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অপৰাধী আৰু ৰাজনৈতিক ব্যৱস্থাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হিচাবে চিহ্নিত কৰিছে । কিয়নো ৰিপাব্লিকান মনোনীত নেতা ট্ৰাম্প ২০২৪ চনৰ হোৱাইট হাউছৰ ক্ষমতা দখলৰ দৌৰত আছে (2024 White House race)। উল্লেখ্য় যে ৭৬ বছৰীয়া ড'নাল্ড ট্ৰাম্পে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে ক্ষমতালৈ অহাৰ ক্ষেত্ৰত এগৰাকী পৰ্ণ তাৰকাক ধন পৰিশোধ কৰা গোচৰৰ বাবে এই শুনানি গ্ৰহণ কৰা হৈছে । অৱশ্য়ে এই অভিযোগত তেওঁ দোষী সাব্য়স্ত নহয় বুলি আশা কৰা হৈছে বুলি কয় ড'নাল্ড ট্ৰাম্পে ।

ট্ৰাম্প টাৱাৰৰ পৰা আদালতলৈ যোৱাৰ সময়ত ট্ৰাম্পে তেওঁৰ ট্ৰুথ ছ'চিয়েল এপত পোষ্ট কৰি কয়, "এয়া আমেৰিকাত হোৱা ঘটনা বুলি বিশ্বাস কৰিব নোৱাৰি !" ট্ৰাম্পে আদালতলৈ চমু পথৰে যোৱাৰ সময়ত আৰক্ষীয়ে ৰাস্তাত শাৰী পাতিছিল যদিও কেমেৰা শুনানিৰ সময়ত ব্য়ৱহাৰৰ বাবে অনুমতি দিয়া হোৱা নাছিল । ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোপন সেৱাৰ সুৰক্ষাৰ অধীনত কমপ্লেক্সলৈ যোৱাৰ পূৰ্বে তেওঁৰ গাড়ীৰ পৰা নামি সমৰ্থকসকলক লক্ষ্য় কৰি হাত জোকাৰিছিল । তেওঁক "পাৰ্প ৱাক"ৰ অধীন আদালতলৈ নিয়া হোৱা নাছিল (perp walk)।

ইপিনে,ট্ৰাম্পে দাবী কৰি কয় যে তেওঁ ৰাজনৈতিক উৎপীড়নৰ ভুক্তভোগী । শুনানিৰ কেইঘণ্টামান পূৰ্বে ট্ৰাম্পে ট্ৰাউথ ছ'চিয়েলত উল্লেখ কৰে, "মৌলবাদী বাওঁপন্থী ডেমোক্ৰেটসকলে ন্যায় ব্যৱস্থাক অপৰাধ হিচাপে গণ্য কৰিছে ।" শুনানিৰ সময়ত ট্ৰাম্প বিৰোধী শিবিৰে "ট্ৰাম্পে সকলো সময়তে মিছা কয়" বুলি লিখা এখন ডাঙৰ বেনাৰ উৰুৱাই সমদল কৰে । ইয়াৰ বিপৰীতে ট্ৰাম্পৰ অনুৰাগীসকলে "ট্ৰাম্প বা মৃত্যু" শ্লোগানেৰে এখন পতাকা উৰুৱাইছিল ।

উল্লেখ্য় যে ট্ৰাম্পক যোৱা সপ্তাহত এজন নিৰ্বাচিত ডেমক্ৰেট ম্যানহাটান ডিষ্ট্ৰিক্ট এটৰ্নি এলভিন ব্ৰেগে উত্থাপন কৰা গোচৰটোত গ্ৰেণ্ড জুৰীয়ে অভিযুক্ত কৰিছিল । ট্ৰাম্পৰ নিৰ্বাচনী জয়ৰ কেইদিনমান পূৰ্বে প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ অভিনেত্ৰী ষ্টৰ্মি ডেনিয়েলছক পৰিশোধ কৰা ১,৩০,০০০ ডলাৰৰ গোচৰটোৰ তদন্তৰ চলি আছে । ইপিনে, ট্ৰাম্পে ৰাজ্যিক আৰু ফেডাৰেল পৰ্যায়তো কেইবাটাও পৃথক অপৰাধমূলক তদন্তৰ সন্মুখীন হৈছে । সেইবোৰৰ ভিতৰত আছে জৰ্জিয়া ৰাজ্যত তেওঁৰ 2020 চনৰ নিৰ্বাচনত পৰাজয়, শ্ৰেণীবদ্ধ নথিপত্ৰৰ পৰিচালনা আদি অন্য়তম ।

লগতে পঢ়ক:Russia Ukrain War: ইউক্ৰেইনৰ বাখমুট চিটি হলত ৰাছিয়াৰ পতাকা !

Last Updated : Apr 5, 2023, 8:25 AM IST

ABOUT THE AUTHOR

...view details