ইণ্টাৰনেশ্যনেল ডেস্ক, 11 ছেপ্টেম্বৰ:দেওবাৰৰ নিশা নিউয়ৰ্কত অনুষ্ঠিত হোৱা ইউ এছ অ’পেনৰ তীব্ৰ প্ৰতিদ্বন্দিতামূলক ফাইনেলত ৰাছিয়াৰ ডেনিল মেডভেডেভক পৰাস্ত কৰি খিতাপ দখল কৰে ন’ভাক জ’কভিচ ৷ এই জয়েৰে ছাৰ্বিয়াৰ টেনিছ তাৰকা ন’ভাক জ’কভিচে মাৰ্গাৰেট ক’ৰ্টৰ 24 টা গ্ৰেণ্ড শ্লেমৰ অভিলেখৰ সৈতে সমতা স্থাপন কৰে । জ’কভিচে মেডভেডেভক 6-3, 7-6(5), 6-3 চেটত পৰাস্ত কৰে । এই জয়ৰ জৰিয়তে 36 বছৰীয়া কিংবদন্তিগৰাকীয়ে অষ্ট্ৰেলিয়ান অ’পেন আৰু ফ্ৰেঞ্চ অ’পেনৰ পাছত বছৰৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম লাভ কৰিছে ।
লগতে 2021 চনৰ ইউ এছ অ’পেনৰ খিতাপৰ সংঘৰ্ষত মেডভেডেভৰ হাতত পৰাজয়ৰ প্ৰতিশোধ ল’লে জ’কভিচে । জ’কভিচে 2011, 2015 আৰু 2018 চনত ইউ এছ অ’পেন খিতাপ জয় কৰাৰ পিছত চতুৰ্থটো খিতাপ দখল কৰে ৷ টেনিছ তাৰকাগৰাকীয়ে 104 মিনিটৰ কঠিন দ্বিতীয় ছেট সম্পূৰ্ণ কৰাৰ পিছত সোমবাৰে এ টি পি ৰেংকিঙৰ শীৰ্ষলৈ ঘূৰি আহে, য’ত তেওঁ এটা ছেট পইণ্ট ৰক্ষা কৰি জয়ৰ দিশে আগবাঢ়িব । এ টি পি লাইভ ৰেংকিঙতো খেলুৱৈগৰাকী বৰ্তমান শীৰ্ষত আছে ।
ইয়াৰ পূৰ্বেও তেওঁ তিনিবাৰকৈ তিনিটা মেজৰ খিতাপ দখল কৰিছে 2011, 2015 আৰু 2021 চনত। জ’কভিচে এটা সময়ত মেচখনত আধিপত্য বিস্তাৰ কৰিছিল যদিও মেডভেডেভেও সমানে আগবঢ়াইছিল প্ৰতিদ্বন্দিতা । দ্বিতীয় ছেটত 3-3 গ’লৰ পৰা খেলৰ পৰিৱেশ সলনি হৈছিল যদিও জ’কভিচে প্ৰত্যাহ্বান নেওচি বিজয়ৰ পথ সুগম কৰিবলৈ সক্ষম হৈছিল । ফাইনেল ছেটটো জ’কভিচৰ বাবে অধিক সহজ হৈ পৰিছিল আৰু তেওঁ মেচখনত জয়ী সাব্যস্ত হৈছিল ।