অসম

assam

ETV Bharat / international

পুটিনৰ মগজুখ্যাত আলেকজেণ্ডাৰ ডুগিনৰ কন্যা ডাৰিয়া ডুগিনৰ ৰহস্যজনক মৃত্যু - Did daughter of Aleksander Dugin

শনিবাৰে নিশা ৰাছিয়াৰ বোলছিয়ে ভায়াজিয়মি গাঁৱৰ ওচৰৰ এটা ঘাইপথত গাড়ী বিস্ফোৰণ হৈ মৃত্যু হয় বুলি বাতৰি প্ৰকাশ কৰাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে (Daughter of Alexander Dugin died)

Did daughter of Aleksander Dugin
পুটিনৰ মগজুখ্যাত আলেকজেণ্ডাৰ ডুগিনৰ কন্যা ডাৰিয়া ডুগিনৰ ৰহস্যজনক মৃত্যু

By

Published : Aug 21, 2022, 9:54 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 21 আগষ্ট:পুটিনৰ মগজুখ্যাত আলেকজেণ্ডাৰ ডুগিনৰ কন্যা ডাৰিয়া ডুগিনৰ ৰহস্যজনক মৃত্যুৱে বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে ৷ শনিবাৰে নিশা ৰাছিয়াৰ বোলছিয়ে ভায়াজিয়মি গাঁৱৰ ওচৰৰ এটা ঘাইপথত গাড়ী বিস্ফোৰণ হৈ মৃত্যু হয় বুলি বাতৰি প্ৰকাশ কৰাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে (Daughter of Alexander Dugin death)৷

আলেকজেণ্ডাৰ ডুগিনক ক্ৰিমিয়া আৰু ইউক্ৰেইনত ৰাছিয়াৰ "সামৰিক অভিযান"ৰ আঁৰৰ ব্যক্তি বুলি কোৱা হয় ৷ ডুগিনক বহুতো লোকে "পুটিনৰ মগজু" বুলিও অভিহিত কৰে ৷ ইতিমধ্যে ডুগিন মোজাইস্কোয়ে ঘাইপথত দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে (Daria Dugin died in car explosion)৷ ডাৰিয়া ডুগিনক এই বছৰৰ জুলাইত ইউনাইনেট কিংদমৰ নিষেধাজ্ঞাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল ৷ ডুগিনক নিজে ইউৰোপীয় ইউনিয়ন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাই 2014 আৰু 2015 চনত অনুমোদন জনাইছিল ৷

তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি শত্ৰুৰ লক্ষ্য আছিল আলেকজেণ্ডাৰ ডুগিন ৷ আলেকজেণ্ডাৰ ডুগিনে এই গাড়ীখনত বহি ভ্ৰমণ কৰাৰ কথা আছিল ৷ কিন্তু হঠাতে তেওঁ ইয়াত নবহাৰ সিদ্ধান্ত লৈছিল ৷ এতিয়া আলেকজেণ্ডাৰ ডুগিনৰ পৰৱৰ্তে তেওঁৰ কন্যা হত্যা কৰাৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি একাংশ লোকে মন্তব্য প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:বিমানৰ ভিতৰত ধূম্ৰপান কৰাৰ বাবে গ্ৰেপ্তাৰ যুৱকক

ABOUT THE AUTHOR

...view details