ইণ্টাৰনেশ্যনেল ডেস্ক,৮ অক্টোবৰ :ইজৰাইলত হামাছৰ আক্ৰমণৰ ফলত ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে । চিকিৎসা বিষয়াসকলৰ উদ্ধৃতি দি সংবাদ মাধ্যমে এই তথ্য প্ৰকাশ কৰিছে । আনহাতে নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰো আশংকা কৰা হৈছে । প্ৰায় ১,৫৯০ গৰাকী লোক আহত হৈছে আৰু তাৰ ভিতৰত বহু লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ।
সংবাদ মাধ্যমে সন্দেহ কৰা মতে সাধাৰণ নাগৰিকৰ উপৰিও ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ বহু সেনাক অপহৰণ কৰি গাজালৈ লৈ যোৱা হৈছে । ইতিমধ্যে হামাছে দাবী কৰিছে যে ইজৰাইলত বন্দীৰ সংখ্যাতকৈ তেওঁলোকে বন্দী কৰা লোকৰ সংখ্যা অধিক । উল্লেখ্য যে শনিবাৰে পুৱাৰে পৰা গাজাৰ পৰা ইজৰাইললৈ ৰকেটৰ আক্ৰমণ আৰম্ভ হয় । যাৰ ফলত তেল আভিভ, ৰেহোভট, গেডেৰা আৰু আশ্কেলনকে ধৰি কেইবাখনো চহৰ ক্ষতিগ্ৰস্ত হয় ।
তাৰ পাছতে বহু হামাছ সন্ত্ৰাসবাদী গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলত প্ৰৱেশ কৰে আৰু ইজৰাইলী চহৰসমূহ দখল কৰে । হামাছৰ সামৰিক কমাণ্ডাৰ মুহাম্মাদ আল-দেইফে এই অভিযানক 'আল-আকছা ষ্টৰ্ম' বুলি অভিহিত কৰি কয় যে ইজৰাইলৰ ওপৰত হোৱা এই আক্ৰমণ মহিলাৰ ওপৰত হোৱা আক্ৰমণ, জেৰুজালেমৰ আল-আকছা মছজিদক অপবিত্র কৰা আৰু গাজাৰ চলিত অৱৰোধৰ প্ৰতিশোধ ।