ইণ্টাৰনেশ্যনেল ডেস্ক, 30 জুলাই: আকস্মিক বানৰ কবলত ককবকাইছে ইৰাণবাসীয়ে (Flash Flood in Iran) ৷ ইৰাণৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হোৱা আকস্মিক বানত এতিয়ালৈ 53 জন লোকৰ মৃত্যু হয় (Death toll reaches 53 in Iran flash flood)৷ ইৰাণী ৰেড ক্ৰিছেণ্ট চছাইটিৰ ৰিলিফ এণ্ড ৰেচকিউ অৰ্গেনাইজেচনৰ মুৰব্বী মেহেদী ভাললিপুৰে শুকুৰবাৰে জনায় যে এই বানত এতিয়ালৈ 16 জন লোক সন্ধানহীন হৈ আছে(16 missing in Iran flash flood) ৷
ইয়াৰ সমান্কৰালকে 3,000 উদ্ধাৰকাৰীক লৈ 687 টা দলে বানাক্ৰান্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাই আছে ৷ ৰাষ্ট্ৰপতিৰ ৱেবছাইট অনুসৰি ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিয়ে (Iran president Ebrahim Raisi) শুকুৰবাৰে সমগ্ৰ দেশৰ মন্ত্ৰী, সংগঠনসমূহৰ মুৰব্বী আৰু গৱৰ্ণৰ জেনেৰেলক সাম্ভাব্য বান নিয়ন্ত্ৰণৰ সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিয়ে ৷