ইণ্টাৰনেশ্যনেল ডেস্ক, 17 মে’ : ঘূৰ্ণী বতাহ মোচাৰ ফলত ম্যানমাৰত মঙলবাৰৰ দিনটোত মৃতকৰ সংখ্যা কমেও 81 জনলৈ বৃদ্ধি পাইছে বুলি জানিবলৈ পোৱা গৈছে ৷ স্থানীয় নেতা, বিষয়া আৰু ৰাজ্যিক সংবাদ মাধ্যমে জানিবলৈ দিয়া মতে, ঘূৰ্ণীবতাহৰ ফলত গাঁওবাসীৰ বাসস্থানবোৰ সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত হৈ পৰিছিল আৰু গাওঁবাসীয়ে ভাগি-ছিগি পৰা ঘৰবোৰ পুনৰ্নিমাণৰ বাবে চেষ্টা কৰিছিল ৷ ইয়াৰোপৰি, ক্ষতিগ্ৰস্ত লোকসকলে আৰ্থিক সহায়-সাহায্য বিচৰা বুলিও জানিবলৈ পৰা গৈছে (Cyclone Mocha death toll rises in Myanmar) ।
উল্লেখ্য যে, ঘূৰ্ণীবতাহ মোচাই দেশখনত প্ৰৱেশৰ পিচত দেশখনৰ কেইবা প্ৰান্তটো বিস্তৰ ক্ষতি সাধন কৰে ৷ দেওবাৰে ঘণ্টাত 195 কিলোমিটাৰ (120 মাইল) বেগেৰে বতাহ বলাৰ ফলত কাঠৰ মাছ ধৰা নাওবোৰ ভাঙি ছিন্ন ভিন্ন কৰি পেলায় । স্থানীয় লোকসকলে সংবাদ মাধ্যমকৰ আগত জানিবলৈ দিয়া অনুসৰি, ৰাখাইন ৰাজ্যৰ বু মা আৰু ওচৰৰ খাউং ডোকে কাৰ গাঁৱত মুছলমান সংখ্যালঘু লোকৰ বসতিস্থলত শৰণাৰ্থী ৰোহিংগীয়াৰ কমেও 46 জন লোকৰ মৃত্যু হৈছে (Cyclone Mocha in Myanmar) ।
ইয়াৰোপৰি ৰাজ্যখনৰ আন এক সংবাদ মাধ্যমে ৰাখাইনৰ ৰাজধানী চিট্টৱেৰ উত্তৰ দিশৰ ৰাথেডাউং চহৰৰ এখন গাঁৱত এটা মঠ ভাঙি তেৰজন লোকৰ মৃত্যু হয় আৰু চুবুৰীয়া এখন গাঁৱত এটা অট্টালিকা ভাঙি এগৰাকী মহিলাৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে । ইয়াৰ লগতে এশৰো অধিক লোক বৰ্তমানেও নিখোঁজ অৱস্থাত আছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে (Cyclone Mocha effects on Myanmar) ৷