অসম

assam

ETV Bharat / international

WHO on current covid situation: ক'ভিড পৰিস্থিতিক লৈ পুনৰ চিন্তিত বিশ্ব স্বাস্থ্য সংস্থা - Covid 19 pandemic nowhere near over

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ এডনোম ঘেব্ৰেয়েচাছে বৰ্তমানৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে (WHO is concerned about current covid situation)। তেওঁৰ মতে এতিয়াও ক'ভিড আতংক শেষ হোৱা নাই কিয়নো যোৱা দুসপ্তাহত বিশ্বজুৰি নতুন ক'ভিড ৰোগীৰ সংখ্যা ৩০ শতাংশলৈ বৃদ্ধি পাইছে । ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে পুনৰ চিকিৎসা ব্যৱস্থা আৰু স্বাস্থ্য কৰ্মীৰ ওপৰত অধিক চাপ পৰিছে ।

WHO on current covid situation
কভিড পৰিস্থিতিক লৈ পুনৰ চিন্তিত বিশ্ব স্বাস্থ্য সংস্থা

By

Published : Jul 13, 2022, 12:09 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ জুলাই :বিশ্বজুৰি পুনৰ ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে (Covid infections rise again around the world)। যাক লৈ চিন্তিত হৈছে বিশ্ববাসী লগতে বিশ্ব স্বাস্থ্য সংস্থা । বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা মতে এতিয়া ক'ভিড আতংক শেষ হোৱা নাই (Covid 19 pandemic nowhere near over) কিয়নো যোৱা দুসপ্তাহত বিশ্বজুৰি নতুন ক'ভিড ৰোগীৰ সংখ্যা ৩০ শতাংশলৈ বৃদ্ধি পাইছে ।

এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ এডনোম ঘেব্ৰেয়েচাছে । টেড্ৰোছে উল্লেখ কৰা মতে সমগ্ৰ পৰিস্থিতিক লৈ তেওঁ চিন্তিত কিয়নো ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে পুনৰ চিকিৎসা ব্যৱস্থা আৰু স্বাস্থ্য কৰ্মীৰ ওপৰত অধিক চাপ পৰিছে । মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেও সঞ্চালক প্ৰধানগৰাকী চিন্তিত ।

টেড্ৰোছে কয় যে ভাইৰাছৰ নতুন ঢৌৱে পুনৰ স্পষ্ট কৰি দিছে যে ক'ভিড-১৯ ক'তো শেষ হোৱা নাই । ভাইৰাছটো এতিয়াও মুক্ত হৈ আছে আৰু দেশবোৰে তেওঁলোকৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি ৰোগৰ বোজা কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰা নাই । সেয়ে তেওঁ চৰকাৰসমূহক মাস্ক, ভেণ্টিলেশ্যনৰ ব্যৱস্থা আৰু ক'ভিড পৰীক্ষা, প্ৰট'কলৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । প্ৰতিখন দেশকে বৰ্তমান পৰিস্থিতিক লৈ নতুন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই সঞ্চালক প্ৰধানগৰাকীয়ে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্য জৰুৰীকালীন কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক মাইকেল ৰিয়ানৰ মতে, মুখ্যতঃ অ'মিক্ৰণৰ উপ-প্ৰকাৰ B.A.4 আৰু B.A.5ৰ ফলত নতুনকৈ ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে । তেওঁ লগতে কয় যে ক'ভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা শিথিল কৰা বাবেও ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে । আনহাতে ক'ভিড পৰীক্ষা নীতিৰ শেহতীয়া পৰিৱৰ্তনবোৰৰ বাবেও নতুন ঘটনা চিনাক্ত কৰা আৰু ভাইৰাছৰ পৰিৱৰ্তনবোৰ নিৰীক্ষণত বাধা আহিছে । ইফালে বিগত সপ্তাহত অ'মিক্ৰণ এই নতুন উপ-প্ৰকাৰ সম্পৰ্কে সমগ্ৰ বিশ্বক সংস্থাই সতৰ্ক কৰি দিছিল ।

লগতে পঢ়ক :First colorful image of Universe: বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথমখন ৰঙীণ ফটো মুকলি

ABOUT THE AUTHOR

...view details