ইণ্টাৰনেশ্যনেল ডেস্ক, 1 অক্টোবৰ:বিমানৰ পাইলটৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷চিকিৎসাৰ প্ৰয়োজন হোৱা যাত্ৰীৰ বাবে বিমানখন অন্য দিশলৈ নিলে বিমানখনৰ কেপ্তেইনক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এজন পাইলটৰ বিৰুদ্ধে । কেলিফৰ্ণিয়াত সংঘটিত হৈছে এই ঘটনা ৷
ফেডাৰেল আদালতৰ ৰেকৰ্ড অনুসৰি 2022 চনৰ আগষ্ট মাহত সংঘটিত হোৱা এটা কাণ্ডক লৈ 18 অক্টোবৰত ইউটাৰ গ্ৰেণ্ড জুৰীয়ে জোনাথন জে ডানৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল । পৰিবহণ বিভাগৰ মহাপৰিদৰ্শকৰ কাৰ্যালয়ে মঙলবাৰে প্ৰেৰণ কৰা ইমেইলত কয় যে ডান আছিল বিমানখনৰ প্ৰথমজন বিষয়া বা সহ-পাইলট আৰু পৰিবহণ নিৰাপত্তা প্ৰশাসনে চলোৱা এটা কাৰ্যসূচীৰ অধীনত বন্দুক কঢ়িয়াই নিবলৈ অনুমোদন লাভ কৰিছিল ।
মহাপৰিদৰ্শকৰ কাৰ্যালয়ে জনোৱা মতে, যাত্ৰীৰ চিকিৎসাৰ বাবে সম্ভাৱ্য বিমান ডাইভাৰচনৰ বিষয়ে মতানৈক্য ঘটিছিল কেপ্তেইন আৰু ডানৰ মাজত ৷ পিছত ডানে কেপ্তেইনক বিমানখন ডাইভাৰ্ট কৰিলে তেওঁলোকক গুলীয়াই হত্যা কৰা হ’ব বুলি ভাবুকি প্ৰদান কৰিছিল বুলি ডানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে ।