ইণ্টাৰনেশ্যনেল,২৪ নৱেম্বৰ :বিশ্বজুৰি কৰ'ণাৰ আতংক কমিছে যদিও চীনত পুনৰ কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে (Corona created havoc again in China)। নতুনকৈ বহু লোক আক্ৰান্ত হৈছে কৰ'ণাত । ক'ভিড-১৯ৰ ভয়ত পুনৰ কঁপি উঠিছে দেশখন । চিন্তিত হৈ পৰিছে দেশখনৰ চিকিৎসক তথা গৱেষকসকল ।
চৰকাৰেও পুনৰ ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে । চীনত বুধবাৰে ৩১,৪৫৪ গৰাকী লোক ক'ভিড-১৯ৰ চিকাৰ হৈছে । যাৰ ভিতৰত ২৭,৫১৭ গৰাকী লোকৰ দেহতে কোনো লক্ষণ দেখা পোৱা নাছিল (Covid cases increased in China)। জানিব পৰা মতে দেশখনত কৰ'ণা প্ৰতিৰোধৰ বাবে পুনৰ লকডাউন, ক'ভিড পৰীক্ষা আৰু ভ্ৰমণ নিষিদ্ধৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে (Lockdown in China)।
দেশখনৰ প্ৰায় ১৪০ কোটি জনসংখ্যাৰ তুলনা ক'ভিড আক্ৰান্তৰ সংখ্যা যদিও যথেষ্ট কম, তথাপিও বেইজিং প্ৰশাসনে কঠোৰ পদক্ষেপ লৈছে । সংক্ৰমণৰ প্ৰাথমিক পৰ্যায়তে ইয়াক প্ৰতিৰোধ কৰিবলৈ বিভিন্ন কঠোৰ পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে । চহৰৰ দৰে জনবহুল অঞ্চলসমূহ বন্ধ কৰাৰ লগতে সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ অহা লোকসকলক কঠোৰ কোৱাৰেণ্টাইনত ৰখাৰ সম্ভাৱনা আছে ।