ইণ্টাৰনেশ্যনেল ডেস্ক,১ ডিচেম্বৰ :ডুবাইত অনুষ্ঠিত বিশ্ব জলবায়ু কাৰ্য সন্মিলনৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে । কিয়নো চৌদি ৰাজকুমাৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীকে ধৰি বহু বিশ্ব নেতাই এই সন্মিলনত অংশগ্ৰহণ কৰিছে । কিন্তু বিশ্বৰ দুগৰাকী শক্তিশালী ব্যক্তি ক্ৰমে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং এই সন্মিলনত অনুপস্থিত আছিল । যাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।
বিশ্বৰ শীৰ্ষ তেল উৎপাদক চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ হৈছে । কিয়নো ভাৰতৰ ডাঙৰ চহৰবোৰ নিয়মীয়াকৈ প্ৰদূষণৰ কৱলত পৰা দেখা গৈছে । সেয়েহে অহা দুদিনত ডুবাইত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত তেওঁলোকৰ ভাষণ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । বিশ্বৰ ১৩০ জনতকৈও অধিক নেতাই এই সন্মিলনত অংশ লৈছে । এই সন্মিলনৰ লক্ষ্য হৈছে মানৱ জাতিৰ কল্যাণৰ বাবে গ্ৰহটোক অত্যাধিক গৰমৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰা ।
সন্মিলনত ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগী উল্লেখ কৰিব বুলি আশা কৰা হৈছে । অন্যান্য বিষয়ৰ লগতে নৱীকৰণযোগ্য ইন্ধন, বায়ুমণ্ডলত কাৰ্বন নিৰ্গমন হ্ৰাস কৰা আদি বিভিন্ন বিষয়ত আলোচনা হ'ব বুলি আশা কৰা হৈছে । কিন্তু বিশ্বৰ ৪৪ শতাংশতকৈও অধিক নিৰ্গমনৰ বাবে দায়বদ্ধ দুখন বৃহৎ কাৰ্বন প্ৰদূষণকাৰী ৰাষ্ট্ৰৰ শীৰ্ষ নেতাসকল ব্যক্তিগতভাৱে এই সন্মিলনত উপস্থিত নাথাকিব ।